31.3 C
Guwahati
Friday, January 23, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    নলবাৰী জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সম্পন্ন 

    ● লোক গণনাৰ সময়ত চৰ–চাপৰিৰ লোকক মাতৃভাষা হিচাপে অসমীয়া উল্লেখ কৰিবলৈ উৎসাহ যোগোৱা কাৰ্যসূচী ল’ব নলবাৰী জিলা সাহিত্য সভাই 

    ◆ পংকজ বেজবৰুৱা, নলবাৰী : সমাগত লোক গণনাৰ সময়ত চৰ–চাপৰি অঞ্চল আদিৰ লোকসকলে যাতে মাতৃভাষা হিচাপে অসমীয়া উল্লেখ কৰে তাৰ বাবে সংশ্লিষ্ট অঞ্চলৰ লোকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে শাখা সভাবোৰৰদ্বাৰা নলবাৰী জিলা সাহিত্য সভাৰ সহযোগত ভাষা বিষয়ক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । এই বিষয়ে ২১ মাৰ্চত নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ‘নলবাৰী জিলাৰ সমাজ–সংস্কৃতি– ইতিহাস আৰু ঐতিহ্য’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থ প্ৰকাশৰো সিদ্ধান্ত লয় এই কাৰ্যনিৰ্বাহক সভাই । তদুপৰি অন্য কেবাখনো গ্ৰন্থ প্ৰকাশৰো জিলা সাহিত্য সভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় । উল্লেখ্য, নলবাৰী জিলা সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা শিল গোসাঁনী থান শাখা সাহিত্য সভাৰ আতিথ্যত জিলাখনৰ খুখুন্দিস্থিত শংকৰদেৱ বালিকা বিদ্যাপীঠত জিলা সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন সম্পন্ন হয় । এই সভাখনত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মায় ।

     

    এই সভাত নলবাৰী জিলা সাহিত্য সভাৰ বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য–সদস্যা, মনোনীত সদস্য–সদস্যা, আমন্ত্ৰিত সদস্য–সদস্যা, উপ সমিতিৰ কাৰ্যকৰী সভাপতি– আহ্বায়কবৃন্দই ভাগ লয় । শিল গোসাঁনী থান শাখা সাহিত্য সভাৰ সভাপতি প্ৰিয়নাথ বৰ্মনে আদৰণি ভাষণ প্ৰদান কৰা সভাখন আয়োজনৰ উদ্দেশ্য–গুৰুত্ব ব্যাখ্যা বিৱৰি কোৱাৰ লগতে সম্পাদকীয় প্ৰতিৱেদন পাঠ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱায় । শিল গোসাঁনী থান শাখা সাহিত্য সভাৰ সম্পাদক আজাম আলীয়ে আঁত ধৰা সভাখনত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ আইন উপদেষ্টা গোলক পাঠক, নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, ধন ভঁৰালী প্ৰমোদ চন্দ্ৰ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ আহ্বায়ক ডঃ সঞ্জীৱ কুমাৰ গোস্বামী, যুৱ সংসদ উপ সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ শৈলেন্দ্ৰপ্ৰসাদ শৰ্মা, ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ সুশান্ত কুমাৰ কাশ্যপ, কবি সন্মিলন উপ সমিতিৰ আহ্বায়ক অজিত ৰাজবংশী, সাংস্কৃতিক উপ সমিতিৰ আহ্বায়িকা শেৱালি কাকতী, মুখপত্ৰ ‘নলশ্ৰী’ৰ সম্পাদক শংকৰ শৰ্মা, আকাশ উপ সমিতিৰ আহ্বায়িকা ডিম্বিকা চৌধুৰী, নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক মৃন্ময় শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য–সদস্যা ক্ৰমে কবিতা ডেকা তালুকদাৰ, বীৰেন্দ্ৰনাথ শৰ্মা, কল্পনা মিশ্ৰ, ভৱেশ শৰ্মা, বিপুল কুমাৰ চক্ৰৱৰ্তী, সদানন্দ বৰ্মন, নৱদীপ বৰকটকী, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক দিলীপ কুমাৰ হালৈ প্ৰমুখ্যে কেবাগৰাকী সাহিত্যপ্ৰাণ লোকে নলবাৰী জিলা সাহিত্য সভাৰদ্বাৰা ৰূপায়িত কাৰ্যসূচীবোৰৰ বিষয়ে ইতিবাচক মন্তব্য প্ৰদান কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায় । বিস্তৃত আলোচনাৰ অন্তত প্ৰতিখন শাখা সভাই আজীৱন সভ্য ভৰ্তিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপেৰে শাখা সমিতিক অধিক শক্তিশালী আৰু গতিশীল কৰা, ১ ব’হাগত নিজৰ দিন ব্যতিক্ৰমী ৰূপত পালন কৰা, মে’ মাহত লখিমী শাখা সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন আয়োজন কৰা, মে’ মাহৰ ভিতৰত জিলা সভাৰ অন্তৰ্গত শাখাবোৰৰ বিশেষ বাৰ্ষিক অধিৱেশন সম্পন্ন কৰা, নলবাৰী জিলা সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ আহ্বায়ক ডঃ সঞ্জীৱ কুমাৰ গোস্বামীৰ নেতৃত্বত নৱ প্ৰজন্মক আকৰ্ষণ কৰিব পৰা অনুবাদ গ্ৰন্থ প্ৰণয়ন কৰা, ‘নলবাৰী জিলাৰ সমাজ–সংস্কৃতি–ইতিহাস আৰু ঐতিহ্য’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থ সম্পাদনাৰ দায়িত্ব ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু গোৱিন্দ কলিতাৰ ওপৰত ন্যস্ত কৰা, বাহাৰঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰবীণ চন্দ্ৰ শইকীয়া স্মাৰক গ্ৰন্থ প্ৰণয়ন কৰা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোলক পাঠকৰ নলবাৰীত প্ৰচলিত জতুৱা–ঠাঁচৰ গ্ৰন্থ উন্মোচন, বিশিষ্ট ডাইনাপালী প্ৰভাত হালৈৰ ওজাপালীৰ ‘বন্দনামালা’ উন্মোচন, বহুভাষিক কবি সন্মিলনৰ কাব্যগ্ৰন্থ উন্মোচন, জিলা সাহিত্য সভাৰ মুখপত্ৰ ‘নলশ্ৰী’ প্ৰকাশকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অসম সংগীত পৰিৱেশনেৰে এই কাৰ্যনিৰ্বাহক সভা সামৰা হয় ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds