নলবাৰী জিলা উপায়ুক্তৰ জড়িয়তে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকালৈ স্মাৰক পত্ৰ প্ৰদান সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ

■সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীয়ূষ হাজৰিকালৈ জিলা উপায়ুক্তৰ জৰিয়তে আজি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই।

নলবাৰী জিলা উপায়ুক্তৰ জড়িয়তে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকালৈ স্মাৰক পত্ৰ প্ৰদান সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ

কৃষিপ্ৰধান জিলাখনৰ নৈপৰীয়া ৰাইজৰ জীৱনপ্ৰণালী নদীনিৰ্ভৰ৷ অথচ, গৰাখহনীয়া আৰু ভঙা মথাউৰিয়ে তেওঁলোকৰ জীৱনযাত্ৰাক কৰি তুলিছে দুৰ্বিসহ৷ নলবাৰী জিলাখনৰ বিভিন্ন প্ৰান্তত বৈ থকা পাগলাদিয়া, মৰা পাগলাদিয়া, বুঢ়াদিয়া, নোনা, টিহু আৰু ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিবোৰৰ জৰাজীৰ্ণ অৱস্থাই বিপদ মাতি আনিছে জিলাখনলৈ৷

এনে পৰিপ্ৰেক্ষিতত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই বৃহত্তৰ ৰাইজৰ স্বাৰ্থত মথাউৰিসমূহ শীঘ্ৰে মেৰামতি আৰু প্ৰয়োজন অনুযায়ী পুনৰ নিৰ্মাণ কৰি ৰাইজক বৰ্তমান ভুগি থকা যন্ত্ৰণা আৰু আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাইছে৷

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ এই ন্যায্য দাবীৰ প্ৰতি অসম চৰকাৰে সঁহাৰি জনাব নে নাই সেয়া হ’ব লক্ষনীয় ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.