নলবাৰীত সাপ্তাহিক বজাৰ বন্ধ ঘোষণা প্ৰশাসনৰ

♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ নলবাৰী জিলাত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সাপ্তাহিক বজাৰ সমূহ বন্ধ থাকিব বুলি নলবাৰী জিলা উপায়ুক্তই এক নিৰ্দেশযোগে সদৰী কৰিছে। ইতিমধ্যে, উক্ত নিৰ্দেশ ভি এইচ এফ যোগে নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, নলবাৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু টিহু নগৰ সমিতিৰ কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.