নলবাৰীতো পাঠদান আৰম্ভ:
দীৰ্ঘদিন পিছত বিদ্যালয় মুখি হৈছে ছাত্র-ছাত্রী সকল।
আজিৰে পৰা সমগ্ৰ ৰাজ্য লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বিভিন্ন হাইস্কুল প্ৰাথমিক বিদ্যালয়ত পাঠদান আৰম্ভ হ’ল।
দীৰ্ঘদিনৰ অন্তত প্ৰাণ পাই উঠিল গুৰু শিষ্যৰ সম্পৰ্কই।এই উপলক্ষে আজি ঘগ্ৰাপাৰৰ মাজমজিত অৱস্থিত সোণালী জয়ন্তী বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুলতো দীৰ্ঘদিনৰ অন্তত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত মিলন হয়।
শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰৰ কভিড প্ৰটক’ল মানি আজিৰে পৰা পাঠদান কাৰ্য্যসূচী আৰম্ভ কৰা বুলি উল্লেখ কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰায় ৯০০ ৰো অধিক ছাত্ৰ -ছাত্ৰী হোৱা হেতুকে চৰকাৰে বান্ধি দিয়া এছ ও পি মানি কিছু পাঠদান কৰাৰ অসুবিধা হোৱা বুলি সদৰী কৰে।লগতে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে বৰ্তমানৰ চৰকাৰে দিয়া নিয়মত বিদ্যালয়খনৰ শ্ৰেণী কোঠা শিক্ষক সমস্যাই কিছু আহুকালে দেখা দিছে যদিও উৰ্ধতম কৰ্তৃপক্ষ তথা অভিভাৱকৰ সৈতে আলোচনা কৰি এই সমস্যাৰ বিতংকৈ আলোচনা কৰিব বূলিও সদৰী কৰে।
ইফালে বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়সমুহৰ লগতে গলিয়া প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যৱৰ তত্বাৱধানত ক’ভিড প্ৰটকল মানি ছাত্ৰ-ছাত্রীৰ মাজত পাঠদান আৰম্ভ কৰা দেখা যায়।
লগতে প্ৰধান শিক্ষক কাশ্যৱে বিগত দিনত ছাত্ৰ-ছাত্ৰীসমুহৰ খতি সাধন হোৱা পাঠদানসমুহ চৰকাৰে যদি অনুমতি দিয়ে স্কুল বন্ধ,বা ৰবিবাৰৰ হ’লেও পাঠদান কৰি শিক্ষাৰ্থীৰ আধৰুৱা পাঠদান সম্পূৰ্ণ কৰিব বুলি মন্তব্য কৰে।
ইফালে শিক্ষা খণ্ডটোৰ অন্তৰ্গত সৰ্বাধিক ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠান ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী বিদ্যালয়তো গুৰু-শিষ্যৰ মিলন দেখা যায়।
Leave a Reply