31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    দেশজুৰি প্ৰযোজ্য হব ‘এক ৰাষ্ট্ৰ, এক শিক্ষাৰ্থী’ ফৰ্মূলা

    পামহী মইনাখোৰোং মজলীয়া বিদ্যালয়ত ইউনিক ইনফ’ ছলিউচনৰ সজাগতা সভা

    ৰাজ্যত শীঘ্রে প্রযোজ্য হ’ব ONE NATION ONE STUDENT ID। পঞ্জীয়ন কৰা হ’ব APAAR ID। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৰাজ্যত প্ৰযোজ্য হ’ব ‘এক ৰাষ্ট্ৰ এক শিক্ষার্থী পৰিচয়’ ফর্মুলা। এই ব্যৱস্থাৰ জৰিয়তে ছাত্র বা ছাত্ৰী গৰাকীৰ থাকিব ১২টা সংখ্যাযুক্ত এটা APAAR শীৰ্ষক ইউনিক নম্বৰ। যাৰ জৰিয়তে ভৱিষ্যতে মার্কশ্বিট অথবা চার্টিফিকেট হেৰালে DIGI লকাৰৰ জৰিয়তে লাভ কৰিব সকলোবোৰ প্ৰমাণ-পত্ৰ। ভুৱা চার্টিফিকেট অথবা মার্কশ্বিট জালিয়াতিৰ দৰে নিকৃষ্ট মানসিকতা অন্ত পেলোৱাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।

    কাৰণ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৰাজ্যত প্রযোজ্য হ’ব, ‘এক ৰাষ্ট্ৰ এক শিক্ষার্থী পৰিচয়’ ফর্মুলা। অৱশ্যে এইক্ষেত্ৰত ইউনিক নম্বৰ লাভ কৰিবলৈ হ’লে পঢ়ি অহা বিদ্যালয়খনৰ থাকিব লাগিব UDISE ক’ড। থাকিব লাগিব PEN আৰু আধাৰ ID। UDISE ক’ডৰ লগতে আন সুবিধা নথকা বিদ্যালয় সমূহৰ। এই ফর্মুলা প্রযোজ্য হোৱাৰ পিছতে প্রমাণ-পত্ৰ হেৰালেও ব’ৰ্ডলৈ দৌৰি থাকিব নালাগে ছাত্র-ছাত্রীসকল।

    ডিজি লকাৰতে উপলব্ধ হ’ব সকলোবোৰ ব্যৱস্থা। আনহাতে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত লোৱা এই পদক্ষেপৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া পামহীৰ মইনাখোৰোং মজলীয়া বিদ্যালয়ত ২৬ ডিচেম্বৰত ইউনিক ইনফ’ ছলিউচনৰ প্ৰতিষ্ঠাপকৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত ইউনিক ইনফ’ ছলিউচনৰ বিষয়া প্রকাশ সাহা, সুচিত্র মণ্ডল, সঞ্জয় কুমাৰ ভগতে ভাগ লৈ অহা বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অসমৰ বিভিন্ন বিদ্যালয়ত ইউনিক ইনফ’ ছলিউচনৰ উদ্যোগত এই নতুন পদ্ধতিৰ কামকাজ আৰম্ভ কৰা হ’ব বুলি সদৰি কৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.