টিহুত ‘ফাগুনৰ ধূলিয়ৰি বতৰত কবিতাৰ মেল’ শীৰ্ষক কবি সন্মিলন সম্পন্ন

♦টিহু মহকুমা কবি সন্মিলন গঠন

নলবাৰী : টিহু মহকুমাৰ টিহু হৰি মন্দিৰৰ অনুৰাধা ডেন্স একাডেমিৰ আখৰাগৃহত ১৪ ফেব্ৰুৱাৰীত ‘ফাগুনৰ ধূলিয়ৰি বতৰত কবিতাৰ মেল’ শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান সম্পন্ন হয় । কবি–সমাজসেৱিকা হিমানী মজুমদাৰ আৰু কবি–নাট্যকাৰ নিৰঞ্জন দত্তই আঁঁত ধৰা এই মননশীল কাব্যানুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে নলবাৰী জিলা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি ভুৱনেশ্বৰ ডেকা, সম্পাদক দ্বীপেন মেনা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ উপৰি প্ৰবীণ খেলুৱৈ তথা শিক্ষক নাউধন মজুমদাৰ আৰু নিতুমণি শৰ্মাই অংশ লৈ শুভেচ্ছামূলক প্ৰাসংগিক ভাষণ প্ৰদান কৰে । কবি হিমানী মজুমদাৰে আঁত ধৰা সন্মিলনখনত নিৰঞ্জন দত্ত, নীলিমা দেৱী ভাগৱতী, নমিতা তালুকদাৰ, হিমানী মজুমদাৰ, অলকানন্দ ঠাকুৰীয়া, নিতুমণি শৰ্মা, ডিম্পী পাঠক, অলকা বুজৰবৰুৱা, কণিকা বৰ্মন, ৰঞ্জু তালুকদাৰ, হিমানী দেৱী, লিখন ঠাকুৰীয়া, কিৰণকলিতা ঠাকুৰীয়া, ধীৰাজ গোস্বামী, দিগন্ত নিবিৰ, নিখিল ভট্টাচাৰ্য আদিয়ে ভিন্ন ৰসৰ কবিতা পাঠ কৰে ।

অনুষ্ঠানৰ পূৰ্বে ভুৱনেশ্বৰ ডেকাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ পাতনি মেলাৰ পিছতে নীলিমা দেৱী ভাগৱতীয়ে বৰগীত পৰিৱেশন কৰে । এই অনুষ্ঠানতে হিমানী মজুমদাৰক সভাপতি, নিৰঞ্জন দত্তক কাৰ্যকৰী সভাপতি, নীলিমা দেৱী ভাগৱতী, অলকানন্দ ঠাকুৰীয়া, ঘনশ্যাম দাসক উপ-সভাপতি, নয়ন তালুকদাৰক সম্পাদক, নমিতা তালুকদাৰ, লিখন ঠাকুৰীয়া, বিশ্বজিৎ কলিতাক সহকাৰী সম্পাদক, ভাস্কৰজ্যোতি কলিতাক পত্ৰিকা সম্পাদক, কণিকা বৰ্মনক কোষাধ্যক্ষ হিচাপে লৈ অসম কবি সন্মিলনৰ টিহু মহকুমা কবি সন্মিলন নামেৰে এটি শাখা গঠন কৰা হয় ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.