জাপানীজ এনকেফ্লাইটিছ প্ৰতিৰোধ কৰকঃকৃষ্ণাইত ধোঁৱা দিলে স্বাস্থ্য বিভাগে

#Asom_Khobor কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ কৰ’না মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ সময়তে ৰাজ্যবাসীৰ সমুখত থিয় দিছে আন এক সাম্ভাৱ্য বিপদে৷ হয় , ক’ব খোজা হৈছে ৰাজ্যখনত বাৰিষা কালত দেখা দিয়া মাৰাত্মক এবিধ জ্বৰৰ কথা৷  নাম যাৰ জাপানীজ এনকেফ্লাইটিছ৷ স্বাস্থ্য বিভাগে প্ৰচাৰ কৰা অনুসৰি এই ৰোগৰ লক্ষণ সমূহ হৈছে অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, ভ্ৰম আৰু সংঞ্জাহীনতা, বমি ভাব, শৰীৰৰ কঁপনি আৰু আংশিক পক্ষাঘাতৰ লক্ষণ৷ এই জ্বৰত আক্ৰান্ত হৈ প্ৰতি বছৰে ৰাজ্যখনত প্ৰাণ হেৰুৱায় বহু লোকে৷ পুণঃ সমাগত বাৰিষা৷ ৰাজ্যবাসীৰ বাবে যেন আন এক বিপদৰ আগজাননী৷ সেয়ে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাপানীজ এনকেফ্লাইটিছক প্ৰতিহত কৰাৰ বাবে আগতীয়াকৈ গ্ৰহণ কৰিছে কেতবোৰ সাৱধানতা৷ স্বাস্থ্য বিভাগে চহৰে নগৰে আৰম্ভ কৰিছে ধোঁৱা দিয়া অভিযান৷ এই অভিযানৰ অংশ হিচাপে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইতো স্ম’ক গানেৰে ধোঁৱা দিয়েে স্বাস্থ্য বিভাগে৷ কৃষ্ণাই গাঁও পঞ্চায়তৰ জৰিয়তে ৰূপায়ণ কৰা এই ধোঁৱা দিয়া অভিযানে সমগ্ৰ কৃষ্ণাই বজাৰকে সামৰি লোৱা পৰিলক্ষিত হৈছে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.