শেহতীয়া আপডেটঃ

ছিনিয়ৰ ৰাজ্যিক বক্সিং : পুৰুষৰ ৪৭ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ গৌৰৱ মজুমদাৰ আৰু গৌতম পেগু

■ গুৱাহাটীৰ পল্টন বজাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ কেন্দ্ৰত অসম বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত ৪৪ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ আজি ছেমিফাইনেল খেলসমুহ অনুষ্ঠিত হয়৷

পুৰুষৰ ৪৭ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে গৌৰৱ মজুমদাৰ আৰু গৌতম পেগু৷ ৫০ কেজিৰ ফাইনেল অনুষ্ঠিত হ’ব এইছ এল হামাৰ আৰু বিবেক মজুমদাৰৰ মাজত৷ ইফালে ৫৫ কেজিৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰাহুল কুমাৰ আৰু বুলেন বুঢ়াগোহায়ে৷ ৬০ কেজিৰ ফাইনেলত স্থান নিশ্চিত কৰে ৰণ্টু মৰান আৰু স্বদেশ বুঢ়াগোহায়ে৷ আনহাতে, অভিনৱ শইকীয়া আৰু কপিল বৰগোহায়ে ৬৫ কেজিৰ ফাইনেলত মুখামুখি হ’ব৷

পুৰুষৰ পাঁচটা তথা মহিলাৰ দহটা ওজন শাখাৰ ছেমিফাইনেল চলি আছে৷ আজি নিশাতে ছেমিফাইনেল সমাপ্ত হোৱাৰ বিপৰীতে কাইলৈ অন্তিমদিনা উভয় শাখাৰ ফাইনেলসমুহ অনুষ্ঠিত হ’ব৷

ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি কাইলৈ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাই৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.