বিশ্বনাথ চাৰিআলি, ০৮ অক্টোবৰ:-
বিশ্বনাথ মহকুমা কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ সহযোগিতাত শুক্ৰবাৰে বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন সভাত বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ইউনিফৰ্ম আৰু চাহ বাগিচাৰ লাইন চকিদাৰসকলৰ মাজত চাইকেল বিতৰণ কৰা হয়।
সভাত ভাষণ দি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিহালীৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই অসম চৰকাৰে চাহ বাগিচাৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে ৰূপায়ণ বিভিন্ন আচঁনিসমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। ৰঞ্জিত দত্তই কয়, “বৰ্তমানৰ চৰকাৰখনে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী মহিলা, গুৰুতৰ অসুখত ভোগা ৰুগী আদিৰ বাবে বিভিন্ন আচঁনি গ্ৰহণ কৰি ৰাইজৰ উপকাৰ সাধন কৰিছে। তদুপৰি ৰাস্তা-ঘাট উন্নয়ণ, মাটিৰ পট্টা বিতৰণ আদি কাৰ্যসূচী হাতত লৈছে। চৰকাৰে চাহ বাগিচাসমূহত ২৫ লাখ টকা ব্যয়সাপেক্ষে একোটাকৈ আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰও স্থাপন কৰিব। পৰৱৰ্তী সময়ত লাইন চকীদাৰক চাইকেলৰ সলনি স্কুটীও প্ৰদান কৰা হ’ব।” আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰি চাহ জনজাতি কল্যাণ বিভাগ, বিশ্বনাথৰ সদস্য-সচিব তথা মহকুমাধিপতি (সদৰ) দীপম বৰ্মণে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চৰকাৰে ব্যৱস্থা কৰা বিভিন্ন বৃত্তি পৰীক্ষাসমূহৰ অনলাইন যোগে পাব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰে। সভাত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, হিতাধিকাৰী আৰু বাচনি সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।
Leave a Reply