শেহতীয়া আপডেটঃ

গোৱালপাৰাৰ বহু উন্নয়ণমূলক কামৰ শুভ উদ্বোধন কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই

♣কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই জিলাখনৰ সম্পূৰ্ণ হৈ উঠা বহু কেইটা উন্নয়ন মূলক কামৰ  শুভ উদ্বোধন কৰে৷ চিআইডিএফ শিতানৰ ধনেৰে আন্তঃগাঁথনি উন্নয়ন কৰা গোৱালপাৰা চহৰৰ বিহুফিল্ড খেলপথাৰ আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ সংযোগী পথটো উপায়ুক্তই আজি শুভ উদ্বোধন কৰে৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে আধাৰশিলা স্থাপন কৰা এই আঁচনি দুটাৰ কাম সম্পূৰ্ণ হৈ উঠাত জিলাবাসীৰ বহুদিনীয়া অভাৱ পূৰণ হ’ল বুলি মত ব্যক্ত কৰিছি সচেতন মহলে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা মহিলাৰ একক অৱস্থান কেন্দ্ৰটোও উপায়ুক্তই শুভ উদ্বোধন কৰে৷

এই কেন্দ্ৰটো নিৰ্যাতিতা মহিলাৰ আশ্ৰয়স্থলী হিচাপে ব্যৱহাৰ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম যুৱ বিকাশ অভিযানৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন কৰা দুধনৈ হাইস্কুল আৰু ডুবাপাৰা উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ খেলপথাৰ দুখনো উপায়ুক্ত বৰ্ণালী ডেকাই শুভ উদ্বোধন কৰে৷ ইফালে গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰি  উলিওৱা বহুমূখী ভৱনটোও আজি উকায়ুক্তই শুভ উদ্বোধন কৰে৷

এই ভৱনটো জিলাখনৰ উন্নয়নমূলক  কাম কাজৰ লগতে জিলা প্ৰশাসনে বিভিন্ন প্ৰশাসনিক কামৰ বাবে ব্যৱহাৰ কৰিব৷ ইয়াৰ বিপৰীতে, ৰাক্ষসিনীস্থিত ঘাঁহ বীজ উৎপাদন ফাৰ্ম খনৰো আজি আন্তঃগাঁথনি উন্নয়নৰ কামৰ আধিাশিলা স্থাপন কৰে উপায়ুক্ত বৰ্ণালী ডেকাই৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.