Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ট্রেকিং পথ মুকলি ‘

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

জালুকবাৰী , ৯ ডিচেম্বৰ : পাহাৰ ভাল পোৱা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ আবাসী, শিক্ষক, শিক্ষার্থী, কৰ্মচাৰী, গৱেষক আদিৰ বাবে সুখবৰ। কিয়নো এতিয়াৰে পৰা ট্রেকিঙৰ প্ৰতি আগ্ৰহী বিশ্ববিদ্যালয়ৰ চৌহদৰ আবাসী সকলে বাহিৰলৈ পাহাৰ বগাবলৈ যোৱাৰ সলনি চৌহদৰ ভিতৰতে ট্রেকিঙৰ সুবিধা লাভ কৰিব। ট্রেকিঙৰ প্ৰতি আগ্ৰহী সকলৰ সুবিধাৰ বাবে ৮ ডিচেম্বৰৰ দিনা পুৱাৰ ভাগত বিশ্ববিদ্যালয় চৌহদৰ পাহাৰৰ গাতে লগা এইছ কেবি বটানিকেল গার্ডেনত প্রায় ১৩০ বিঘা মাটি কালিৰে পৰিৱেষ্টিত এটা ট্রেকিং পথ মুকলি কৰা হয়।

ট্রেকিং পথটো মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্রী নন্দিতা গার্লোচাই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথকে ধৰি কেবাজনো বিষয়া, বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈকে ধৰি ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। চমু ভাষণত মন্ত্রী নন্দিতা গার্লোচাই ট্রেকিং পথটোৱে পাহাৰ বগাই ভাল পোৱা আগ্ৰহী লোক সকলৰ এটা বহুদিনীয়া অভাব পূৰণ কৰিব বুলি আশা ব্যক্ত কৰি ইয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে মুকলি কৰাৰ পাছতে মন্ত্ৰী গৰাকীয়ে ট্ৰেকিং পথটোৰে পাহাৰ বগাই প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰে। উল্লেখ্য যে ট্ৰেকিং পথ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ফটো প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °