Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বন্যপ্ৰাণী আৰু পৰিবেশ অধ্যয়ন কেন্দ্ৰ মুকলি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

আজাৰাঃ বর্তমান সময়ত বন্যপ্ৰাণী আৰু পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকি আৰু সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্রত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লক্ষ্যৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় চৌহদত আজি এটা ‘বন্যপ্রাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্র’ মুকলি কৰা হয়। এই উপলক্ষে শ্ৰীমন্ত শঙ্কৰ একাডেমি চচ্ছাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসৰ আৰম্ভনি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ কেন্দ্ৰটো মুকলি কৰে মেঘালয় বৰ্ড অৱ স্কুল এডুকেশ্যনৰ অধ্যক্ষ তথা শ্বিলঙৰ প্ৰাক্তন মুখ্য বন সংৰক্ষক চি পি মাৰাকে।

ভাষণ প্ৰসংগত মাৰাকে বৰ্তমান ধংসৰ গৰাহলৈ যোৱা বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক অধ্যয়ন, প্রশিক্ষণ, গৱেষণাৰ দ্বাৰা সংৰক্ষণ আৰু জন সচেতনতা গঢ়ি তোলা ইত্যাদি বিষয়ক প্রধানত হিচাপে লৈ বিশ্ববিদ্যালয়ে মুকলি কৰা অধ্যয়ন কেন্দ্ৰটোৰ উদ্দেশ্য আৰু গুৰুত্বক স্পষ্টকৈ উল্লেখ কৰি শলাগ লয়। অনুষ্ঠানত পৰিবেশ সংৰক্ষণৰ লগত জড়িত অনা চৰকাৰী সংস্থা ‘আৰণ্যক’ আৰু ‘নৰ্থ ইষ্ট কেন এও বেম্ব’ ডেভেলপমেন্ট কাউন্সিল”ৰ সৈতেও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য অধ্যাপক জয়ন্ত ডেকা আৰু উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসেও কেন্দ্ৰটো মুকলি কৰাৰ লক্ষ্য সন্দৰ্ভত বাখ্যা দাঙি ধৰে। শেষত শলাগৰ শৰাই আগবঢ়াই বিশ্ববিদ্যালয়ৰ ডীন একাডেমীক, অধ্যাপক ডঃ অমৰ শইকীয়াই।

উল্লেখ্য যে বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্রটো বহুবিষয়ক কেন্দ্র হিচাপে ডিজাইন কৰা হৈছে। যিয়ে ছাত্র-ছাত্রী, অধ্যাপক, গৱেষক, তৃণমূল পর্যায়ৰ সংস্থা, সম্প্ৰদায়ৰ অংশীদাৰ আৰু চৰকাৰী সংস্থাসমূহক একত্ৰিত কৰি বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষা আৰু বহনক্ষমতাৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা, প্রশিক্ষণ আৰু সজাগতা প্রদান কৰি সকলোকে লাভান্বিত কৰিব। আনহাতে কেন্দ্ৰটো মুকলি কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি আজিৰে পৰা বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হৈছে বন্যপ্ৰাণী আৰু পৰিবেশ অধ্যয়ন বিষয়ক এখন আলোচনা চক্ৰ। আলোচনা চক্ৰত অসম বন বিদ্যালয়ৰ সঞ্চালক তথা ভাৰতীয় বন সেৱাৰ বিষয়া ডিম্পী বৰাকে ধৰি অসম চৰকাৰৰ বন বিভাগৰ কেবাজনো বিষয়া, ৰাণীস্থিত শগুণ গৱেষণা কেন্দ্ৰৰ মূৰব্বী শশীন ৰাণা দেকে ধৰি পৰিবেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত কেবাটাও অনা চৰকাৰী সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে। আলোচনা চক্ৰৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় চৌহদত বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষণ বিষয়ক এখন প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

- Advertisement -

Hot this week

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °