গহপুৰত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ :
বিশ্বনাথ জিলাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা অভিযান। ইখনৰ পিছত সিখন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলা আৰক্ষী।
দৈনিক জিলা খনৰ বিভিন্ন আৰক্ষী থানা অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই উদ্ধাৰ কৰিছে কাৰ্টুনে কাৰ্টুনে অবৈধ অৰুণাচলী সুৰা।
ইফালে সোমবাৰে ও বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমষ্টিৰ
হেলেম আৰক্ষীয়ে অভিযান চলাই
জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা।
জব্দ কৰে বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা।
সুৰা খিনিৰ আনুমানিক মূল্য প্ৰায়
১ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
সোমবাৰে পুৱা এক বিশেষ সুত্ৰৰ পম খেদি হেলেমৰ টকৌবাৰীৰ গানুগাঁৱৰ কৃষ্ণ মিলি নামৰ লোকজনৰ বাসগৃহৰ পৰা প্ৰায় ৫২ কাৰ্টন বিভিন্ন ব্ৰেণ্ডৰ হুইস্কী, ৰাম আৰু বিয়েৰ জব্দ কৰে আৰক্ষীয়ে।
সুৰা খিনি হেলেম আৰক্ষীয়ে আৱকাৰী বিভাগক চমজাই দিব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে দীৰ্ঘদিন দি ধৰি বিশ্বনাথ জিলাৰ আৰক্ষীৰ নেতৃত্বত অবৈধ অৰুণাচলী সুৰা বিৰুদ্ধে অভিযান চলাই যোৱা দেখা গৈছে।
Leave a Reply