Friday, May 16, 2025
27.3 C
Guwahati

কৰ’নাৰ ভয়াৱহতাঃ বাতিল হ’ল ভেলাখামাৰ পূৱালী সংঘৰ ৰঙালী বিহু সন্মিলনী 

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

◊কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
মহামাৰী কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ পূৱালী সংঘৰ ৰঙালী বিহু সন্মিলনী৷ আজি সন্ধিয়া ৫ বজাত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে ৰঙালী বিহু উদযাপন সমিতিয়ে তেওঁলোকৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে৷ আজিৰ সংবাদ মেলত ৪২ সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মাধৱ ৰাভাই কয় যে কৰ’না মহামাৰীয়ে দেশৰ লগতে ৰাজ্য খনত যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি পূৱালী সংঘৰ বিহু সন্মিলনীৰ সমগ্ৰ কাৰ্যসূচী বাতিল কৰা হ’ল৷ আনহাতে, সম্পাদক বিক্ৰম সিংহই কয় যে, ৰঙালী বিহু সন্মিলনী খনি উদযাপন কৰাৰ বাবে আমি এশ শতাংশই সাজু হৈছিলোঁ যদিও দেশৰ শেহতীয়া ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি সেয়া বাতিল কৰিবলৈ বাধ্য হৈছোঁ৷ আনহাতে, পূৱালী সংঘৰ সম্পাদক প্ৰশান্ত কুমাৰ দেৱ নাথে কভি’ড-১৯ৰ দ্বিতীয় লহৰৰ ভয়াবহ সংক্ৰমণে দেশ তথা আমাৰ ৰাজ্য খনত যি আতংকৰ সৃষ্টি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলিৰ বিহু সন্মিলনী খন বাতিল কৰা বুলি জনায়৷ তেওঁ লগতে কভি’ড প্ৰট’কল মানি বিহু সন্মিলনীৰ দৰে অনুষ্ঠানবোৰ বাতিল কৰিবলৈ সমূহ অসমবাসী ৰাইজকে আহ্বান জনায়৷

- Advertisement -

Hot this week

Boxtrade Lands $50 Million in Another New Funding Round with IBM

Find people with high expectations and a low tolerance...

The Minimalism Movement Explained in Great Detail by Healh Experts

Find people with high expectations and a low tolerance...

Burberry is the First Brand to get an Apple Music Channel Line

Find people with high expectations and a low tolerance...

For Composer Drew Silva, Music is all About Embracing Life

Find people with high expectations and a low tolerance...

The Politics Behind Marocco’s Stock Market Turbulence Last Year

Find people with high expectations and a low tolerance...

Topics

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds