কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ব শিৱসাগৰতঃ জেৰেঙা পথাৰত ব্যাপক প্ৰস্তুতি

♦শিৱসাগৰৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন। প্ৰায় তিনি লাখ লোকক আদৰিবলৈ শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিব নেতা কৰ্মীৰ লগতে ৰাইজ। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতাৰণ কৰিবৰ বাবে সাজু হৈ উঠিছে হেলিপেড।

চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষী তথা জিলা প্ৰশাসনে। অসমৰ ভূমিহীন এক লাখ লোকক দিব মাতিৰ পট্টা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনে উৎফুল্লিত কৰি তুলিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বক।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.