Thursday, July 10, 2025
33.4 C
Guwahati
TOP NEWS:

কয়লাৰ নাটনি ৰাজ্যত: হাহাকাৰ ইটাভাটা মালিক:অত্যাধিক মূল্য : নাটনি ফলত জ্বলা নাই উত্তৰ অসমৰ বহু ইটাভাটা:

- Advertisement -

কয়লাৰ নাটনি ৰাজ্যত : হাহাকাৰ ইটাভাটা মালিক : অত্যাধিক মূল্য : নাটনি ফলত জ্বলা নাই উত্তৰ অসমৰ বহু ইটাভাটা ::

অসম খবৰ বিশ্বনাথ চাৰিআলি ৬ ডিচেম্বৰ :

কয়লাৰ নাটনি আৰু উত্তৰ-পূবৰ উদ্যোগিক ক্ষেত্ৰখনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

সমগ্ৰ দেশজুৰি অব্যাহত থকা কয়লাৰ নাটনিৰ বাবে দেশৰ শক্তিখণ্ডৰ লগতে উত্তৰ-পূবৰ উদ্যোগ সমূহেও সংকটৰ সন্মুখিন হ’বলগীয়া হৈছে যোৱা কেইবাদিন ধৰি।

বিগত কিছু মাহ ধৰি কয়লাৰ ধাৰাবাহিক ভাৱে মূল্য বৃদ্ধি পাই আহিছে।

কয়ালৰ মূল্য বৃদ্ধিৰ সমান্তৰাল ভাৱে কয়লাৰ নাটনিও এক উদ্বেগৰ বিষয় হৈ পৰিছে ৰাজ্যত।

বৰ্তমান ৰাজ্যত কয়ালৰ মূল্য দুগুণতকৈয়ো বৃদ্ধি পাইছে।

বিগত বৰ্ষত ১১ হাজাৰ পৰা ১২ হাজাৰ প্ৰতি টনৰ মূল্য আছিল যদিও এই বৰ্ষত অত‍্যাধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বৰ্তমান সময়ত প্ৰতি টন কয়লাৰ মূল্য ১৭ হাজাৰ পৰা ১৯ হাজাৰ পৰ্যন্তে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যাৰ ফলত বহু উদ্যোগত (ইটাভাটা) জ্বলা নাই জুই।


আনহাতে ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে উত্তৰ অসমৰ চাহ কলঘৰৰ লগতে উত্তৰ অসমৰ বিহালী সমষ্টিত থকা প্ৰায় ৫০ তাৰও অধিক ইটা ভাটাত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।


বিহালী সমষ্টিৰ বহু ইটা ভাটাই বৰ্তমান সময়লৈকে জুই দিব পৰা নাই কয়লাৰ অভাৱ আৰু অত‍্যাধিক মূল‍্য বৃদ্ধিৰ ফলত ।

দুই এটা ইটা ভাটাত জুই জ্বলিছে যদিও অত‍্যাধিক মূল‍্য বৃদ্ধি ফলত বন্ধ হোৱা সম্ভাৱনা দেখা দিছে বিহালী সমষ্টিত।

ইফালে বিহালী সমষ্টিৰ কেইটামান ইটাভাটাত আধাতে জুই নুমাই যোৱা ও তথ্য ও পোৱা গৈছে।

এই দৰে কয়লা অত্যাধিক মূল্য বৃদ্ধি আৰু নাটনিয়ে বিহালী সমষ্টিৰ একাংশ ইটাভাটা মালিক চিন্তিত কৰি তুলিছে।
প্ৰশ্ন হয় কাৰ আশীৰ্বাদত এই ক’লা হীৰা হঠাৎ মূল্য বৃদ্ধি হ’ল তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে একাংশ দল সংগঠনে।

প্ৰকৃততে মূল্য বৃদ্ধি নে ?

দালালৰ বাবে বৃদ্ধি হৈছে তাৰ উচিত তদন্তও দাবী জনাইছে বিভিন্ন দল সংগঠনে।

Hot this week

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
33 ° C
33 °
33 °
61 %
1.2kmh
5 %
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
27 °