ক’ভিড যোদ্ধা সাংবাদিক সকলক নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা

♦ ক’ভিড যুদ্ধত সন্মুখৰ শাৰীত থাকি সেৱা আগবঢ়াই অহা চিকিৎসা সেৱাৰ লগতে জেষ্ঠ তথা কনিষ্ঠ সাংবাদিক সকলক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই।

সানেগুছি ৰাজ্যিক চিকিৎসালয়ত এক অনুষ্ঠানৰ জড়িয়তে আজি বিয়লিৰ ভাগত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানটোত নলবাৰীৰ সাংবাদিক সকলক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনাই বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে। নলবাৰীৰ জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিক সকলে কভিড যুদ্ধখনত সম্মুখৰ পৰা নিজৰ নিজৰ কৰ্তব্য পালন কৰি অহা অৰিহণাক স্বীকৃতি হিচাপে ফুলাম গামোছা আৰু মানপত্ৰৰে সম্ভাষণ জনাই।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য ৰিত্তিক আলী, বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আকাশ বৰুৱা, সম্পাদক মইনুল হক, শিক্ষা সম্পাদক জাহিৰ হুছেইন আৰু ছাত্ৰ সন্থাৰ কৰ্মী সকলৰ উপস্থিতিত এই কাৰ্যসূচী ৰুপায়ন কৰে। আছুৰ এই পদক্ষেপক ধন্যবাদ জনাইছে জ্যেষ্ঠ সাংবাদিক সকলৰ লগতে চিকিৎসা সেৱাৰ লগত জড়িত কৰ্মী সকলে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.