31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    এবছৰীয়া হ’ল পাৰিজাত ; উলহ মালহৰে ৰাজ্যিক চিৰিয়াখানাত কেক কাটি জন্মদিন পালন

    গুৱাহাটী: ৰাজ্যিক চিৰিয়াখানাত ১৬ নৱেম্বৰৰ দিনা দেখা গল এটা বিৰল দৃশ্য। কিয়নো সিদিনা চিৰিয়াখানাত এটা জিৰাফৰ গৰালত পাৰিজাত নামৰ এটা এবছৰীয়া জিৰাফৰ পোৱালিৰ জন্মদিন উলহ – মালহৰে পালন কৰা হয়। উল্লেখ্য যে বিগত ২০২৩ বৰ্ষত ১৬ নৱেম্বৰৰ দিনটোতে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত আলহী হৈ আহিছিল এটা জিৰাফৰ পোৱালী।

    সেই পাৰিজাতৰ এক বছৰীয়া জন্মদিনটো ১৬ নৱেম্বৰৰ দিনা চিৰিয়াখানা চৌহদত কেক কাটি উলহ-মাহৰে সকলোৱে পালন কৰে। উল্লেখ্য যে ৰাজ্যিক চিৰিয়াখানাত মাত্ৰ এটাহে জিৰাফৰ পৰিয়াল আছে। সেই পৰিয়ালটোলৈ ২০২৩ বৰ্ষৰ ১৬ নৱেম্বৰত নতুনকৈ আলহী হৈ আহিছিল এটা জিৰাফৰ মাইকী পোৱালী। পাছত চিৰিয়াখানা কর্তৃপক্ষই তাইৰ নাম ৰাখিছিল পাৰিজাত। পিতৃ-মাতৃৰ উপৰিও চিৰিয়াখানাৰ বনকর্মী, বন বিষয়া, পশু চিকিৎসকৰ মৰমৰ মাজত ডাঙৰ হোৱা পাৰিজাতে শনিবাৰে এটা বছৰ পূৰ্ণ কৰা উপলক্ষে পিতৃ-মাতৃৰ উপস্থিতিত চিৰিয়াখানাত থকা সিঁহতৰ বাসস্থানতে কেক কাটি জন্মদিন পালন কৰা হয়।

    এটুকুৰা কেক তাইৰ মুখত দি হেপী বার্থডে টু পাৰিজাত বুলি জন্মদিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ অশ্বিনী কুমাৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত ৰাজ্যিক চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক জয়ন্ত কুমাৰ গোস্বামী, আঞ্চলিক বন বিষয়া ইন্দ্রাণী বৰগোহাঁই, বন পশু চিকিৎসা বিষয়া ডাঃ প্ৰণৱ কুমাৰ দাস, পশু চিকিৎসক ডাঃ পঞ্চমী শৰ্মাকে ধৰি চিৰিয়াখানাৰ কৰ্তব্যৰত বনকর্মী, জন্তুপালক, পৰিচালকসকল উপস্থিত থাকে। আনকি চিৰিয়াখানা দৰ্শন কৰিবলৈ অহা একাংশ দৰ্শনাৰ্থীৰ পাৰিজাতৰ জন্মদিনৰ কাৰ্যসূচীৰ ভাগ লৈ বিৰল মুহূৰ্তৰ সাক্ষী হোৱাৰ সৌভাগ্য লাভ কৰে। উল্লেখ যে সম্প্ৰতি পাৰিজাতৰ লগতে এইৰ পিতৃ-মাতৃয়ে চিৰিয়াখানালৈ অহা সকলো দৰ্শনাৰ্থীক কৰা মনোৰঞ্জন দিবলৈ সক্ষম হোৱাৰ লগতে এক কথাত আকৰ্ষণত কেন্দ্ৰবিন্দুত পৰিণত হৈছে।

    কিয়নো চিৰিয়াখানাত তাইৰ পৰিয়ালটোৱেই এতিয়া জিৰাফৰ অস্তিত্ব ৰক্ষা কৰি আহিছে। ইফালে ৰাজ্যিক চিৰিয়াখানালৈ শেহতীয়াকৈ নতুনকৈ এটা গড়ৰ পোৱালীও নতুনকৈ আলহী হৈ আহিছে। ৭ নৱেম্বৰত জন্মগ্রহণ কৰা গঁড়ৰ পোৱালীটো বৰ্তমান সুস্থ অৱস্থাত আছে যদিও নামাকৰণ কৰা হোৱা নাই। অহা কেইদিনমানৰ ভিতৰতে নতুনকৈ আলহী হৈ অহা গঁড় পোৱালীটোৰ নামাকৰণ কৰা হ’ব বুলি চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ এক সূত্ৰই সদৰি কৰিছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.