ৰাজ্যত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহযোগ কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে।
ধেমাজিত উদ্যমিত অভিযানৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে।
অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰাই কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।
সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে ৬, ৭ আৰু ৮ নম্বৰ নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিয়ে।
দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব।
উচ্ছেদিত লোকসকল যদি কোনো এটা স্থানলৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাৰাতীয়া হিচাপে থাকে তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ’ব পাৰে।


