ইন্ধনজাত আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ অংশ হিচাপে মুকালমুৱাত প্ৰতিবাদ

♦পেট্ৰল-ডিজেল আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে SFI, DYFI, CITU, AIKS আৰু AIDWA ৰ ৰাজ্যিক কমিটিয়ে যৌথভাৱে ১৯জুলাই তাৰিখে ৰাজ্যজুৰি প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ অংশ হিচাপে নলবাৰীৰ মুকালমুৱাৰ মাজেৰে বৰক্ষেত্ৰীৰ কৰ্মীসকলে কোভিড বিধি মানি এক বৃহৎ প্ৰতিবাদী সমদল ৰূপায়ন কৰে।

মূল্য বৃদ্ধি ৰোধ কৰক, সকলোকে বিনামূলীয়া ভেকচিন দিয়াৰ ব্যৱস্থা কৰক , মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰ হায় হায় এই শ্লোগানেৰে প্ৰতিবাদীসকলে উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীৰ পৰা এছ এফ আই বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ সম্পাদক গাজিউৰ ৰহমান চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, বজাৰত মূল্যবৃদ্ধিৰ জুইয়ে সৰ্বসাধাৰনক মাধমাৰ সোধাইছে, এই সময়ত চৰকাৰৰ দায়িত্ব আছিল জনগনৰ লগত থিয় দিয়া সেয়া নকৰি বিজেপিৰ নেতা পালিনেতাবোৰে তুলুঙা মন্তব্য আগবঢ়ায় আছে। আমি কৈছো সকলোকে বিনামূলীয়া ভেকচিন প্ৰদানৰ কথা, কিন্তু তেওঁলোকে কৈছে ঘৰে ঘৰে মদ হোমডেলিভাৰী দিয়াৰ কথা, যোৱা দুমাহৰ ভিতৰত পেট‌্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৩৯ বাৰকৈ বৃদ্ধি হৈছে।

এই চৰকাৰখনে পুজিপতিৰ স্বাৰ্থ ৰক্ষা কৰে সৰ্বসাধাৰনৰ নহয় বুলি তীব্ৰ কতাক্ষ কৰে। প্ৰতিবাদস্থলীত কৃষক নেতা ভূৱনেশ্বৰ বৰ্মন, শ্ৰমিক নেতা জয়নাল আলী আহমেদে কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবী জনায়, লগতে গো সুৰক্ষা বিধেয়ক নহয় অসমত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইন প্ৰনয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰে। এই কাৰ্য্যসূচীত শ্ৰমিক নেতা নুৰ হুছেইন আলী, কৃষক নেতা হবিবৰ আলী সহ কেইবাজনো কৰ্মী উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.