আহি আছে বনমালী চাওঁ আহক

 

আহি আছে বনমালী

অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী আকাশ প্ৰীতমে কণ্ঠদান কৰা”বনমালী বাগান-নামৰ আদিবাসী গীতটিত অভিনয় কৰা বিহালীৰ ৰাংছালী গাঁৱৰ যুৱ অভিনেতা, অভিনেত্ৰী জোন দাস আৰু নেহা বৰাই অভিনয় কৰা এই ভিডিঅটো অহা ১৭ ছেপ্টেম্বৰত অসমৰ ৰাইজলৈ আগবঢ়াই দিব। ‘বনমালী বাগান‘ নামৰ এই আদিবাসী গীতটিৰ ভিডিঅ’টিলৈ অসমৰ জনপ্ৰিয় অভিনেতা/অভিনেত্ৰীকে আদি কৰি অসমৰ জনপ্ৰিয় শিল্পী সকলে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।

ইয়াৰ ভিতৰত অভিনেত্ৰী-প্ৰস্তুতি পৰাশ,, শিল্পী ক্ৰমে–কুসুম কৈল্যাশ, ধ্ৰুৱজ্যোতি কাশ্যপ আৰু আকাশ প্ৰীতমকে ধৰি বহু লোকে ভিডিঅ’টিলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।অসম খবৰ তৰফৰ পৰাও শুভেচ্ছা জনাইছোঁ ।আনহাতে  যুৱ অভিনেতা অভিনেত্ৰী জোন দাস আৰু নেহা বৰাই এই আদিবাসী ভিডিঅ’টো সকলোকে চাবলৈ অনুৰোধ জনাই আৰু এই ভিডিঅ’টো অসমৰ ৰাইজে আঁকোৱালি লৈ মৰম-স্নেহ আৰু উৎসাহ প্ৰদান কৰিবলৈ অনুৰোধ জনাই।

 

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.