Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

আজাৰাৰ সানপাৰা উপ স্বাস্থ্য কেন্দ্ৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

আজাৰাঃ ভাৰত চৰকাৰে বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ সমূহৰ আন্তঃগাঠনি আৰু স্বাস্থ্য কেন্দ্ৰত আগবঢ়োৱা সেৱাৰ গুণগত মান মূল্যায়ণৰ বাবে ২০১৩ চনত এক নীতি গ্ৰহণ কৰিছিল। এই অনুসৰি স্বাস্থ্য বিভাগত ভাৰত চৰকাৰৰ স্বাস্থ্যবিভাগৰ এটি দলে (NQAS Assesors Team) স্বাস্থ্যকেন্দ্ৰসমূহ পৰিদৰ্শন কৰে আৰু ভাৰত চৰকাৰৰ স্বাস্থ্যবিভাগে ঠিক কৰা নীতি অনুসৰি বিভিন্ন স্তৰৰ স্বাস্থ্যকেন্দ্ৰ সমূহত থাকিব লগা আন্তঃগাঠনি আৰু আগবঢ়োৱা সেৱাৰ গুণগত মান পৰ্যবেক্ষণ কৰি মূল্যায়ণ কৰে।

যদি কোনো এটি স্বাস্থ্যকেন্দ্ৰই নীতি অনুসৰি পৰিদৰ্শন কৰা দলটোৰ পৰ্যবেক্ষণত নিম্নতম ৭০% নম্বৰ লাভ কৰে তেন্তে সেই স্বাস্থ্যকেন্দ্ৰটোক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত স্বাস্থ্যকেন্দ্ৰ হিছাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে৷ এই অনুসৰি যোৱা ১৪ অক্টোবৰত ভাৰত চৰকাৰৰ স্বাস্থ্যবিভাগৰ এটি দলে আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানপাৰা উপস্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি মূল্যায়ণ কৰে৷ কালি ভাৰত চৰকাৰৰ স্বাস্থ্যবিভাগে প্ৰকাশ কৰা এক জাননী অনুসৰি সানপাৰা স্বাস্থ্য কেন্দ্ৰটোক ৰাষ্ট্ৰীয় গুণগত মানদণ্ডৰ স্বাস্থ্য কেন্দ্ৰ (NQAS Certification) হিছাপে স্বীকৃতি প্ৰদান কৰে৷ সানপাৰা উপস্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া পবিত্ৰ শইকীয়াই এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে স্বাস্থ্যকেন্দ্ৰটোৰ সকলো কৰ্মচাৰী, ব্লকৰ সমূহ বিষয়া কৰ্মচাৰী, জিলা বিষয়া সকলক ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতেও এই স্বাস্থ্যকেন্দ্ৰটোৱে গুণগত স্বাস্থ্যসেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে৷

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °