Sunday, May 25, 2025
27 C
Guwahati

অসম অৰুণাচল সীমান্তৱৰ্তী ছেলাইখাতিৰ এজন বিশেষ মৃৎশিল্প,

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

 

অসম অৰুণাচল সীমান্তৱৰ্তী ছেলাইখাতিৰ মৃৎশিল্প, আৰু বাঁহ বেতৰ শিল্পকলাৰে জড়িত এগৰাকী বোবা, কলা, বিকলাংগ নিঃসহায় কিশোৰ শিল্পী এগৰাকীৰ নিঃস্বজীৱনৰ কৰুণ কথাৰে

ৰমেশ চন্দ্ৰ চৰেণ , ১ নবেম্বৰ ঃ

বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ২নং ছেলাইখাতিৰ গবিন ৰংফাৰ নামৰ জনজাতীয় কাৰ্বি সম্প্ৰদায়ৰ ১৫ বছৰীয়া কিশোৰ এগৰাকীৰ শিল্পকলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷কিশোৰ গৰাকী কানেৰে নুশুনা কলা আৰু কথা কব নোৱাৰা বোবা একপ্ৰকাৰ বিকলাংগ বুলিয়ে কব পাৰি ৷ আকাৰ ইংগিতেৰে কিশোৰ গৰাকীয়ে নিজৰ নিঃস্বজীবন চলাই লৈ গৈছে ৷শাৰীৰিক বাধাগ্ৰস্ততা হৈয়ো জীৱন সংগ্ৰামত কোনো দিনে আপোচ কৰা নাই ৷সংগ্ৰামী আৰু সৃজনশীল মণৰ অধিকাৰী কিশোৰ জনে কোনো ধৰণৰ কাৰিকৰী শিক্ষা নোলোৱাকৈয়ে নিজৰ একান্ত সাধনাৰে সাধাৰন বাঁহ বেতৰে বিখ্যাত তাজমহল, চাংঘৰ,ৰাধাকৃষ্ণৰ মন্দিৰ,বিভিন্ন দেৱদেৱীৰ ঐতিহাসিক শিল্পকলাৰ আৰ্হিৰে নিখুট শৈলীৰে বিভিন্ন ধৰনৰ মঠ মন্দিৰৰ লগতে ৰাজকাৰেং আদি সাজি উলিয়াই ৷ ইয়াৰ উপৰিও ভাস্কৰ্যশিল্পৰ অদ্ভুত কলাশৈলীৰ আৰ্হিত অট্টালিকা, বিভিন্ন ধৰণৰ আবাসগৃহ চকুত লগাকৈ সাজি উলিয়াবলৈ সক্ষম হয় ৷ কোনো ধৰণৰ সৰঞ্জাম নথকাকে সামান্য কটাৰী এখনেৰে এনে ধৰণৰ সামগ্ৰী সাজি উলিওৱা এক প্ৰকাৰ অদ্ভুত ক্ষমতা আৰু প্ৰতিভাৰ পৰিচয় দিছে ৷ ইয়াতো ক্ষান্ত নাথাকি কিশোৰমনৰ গবিন ৰংফাৰে মৃৎশিল্পতো সমানে সিদ্ধহস্ত ৷ৰাধা ,কৃষ্ণ, শিৱকে ধৰি বিভিন্ন দেব-দেৱীৰ প্ৰতিমুৰ্তিৰ লগতে মৃৎশিল্পৰ লগত জড়িত যিকোনো সা -সামগ্ৰী সাজি উলিয়াবলৈ সম্পূৰ্ণৰূপে সক্ষম ৷ জীৱন যুঁজৰ কঠিন বাস্তৱৰ ওচৰত কোনো দিনে হাৰ নামানা নিৰৱে নিতৌ নতুন কৌশল অৱলম্বনেৰে নিজ শিল্পকৰ্ম কৰি আগবাঢ়ি আছে গবিন ৰংফাৰে ৷ পিতৃহাৰা কিশোৰ জনৰ মাতৃ কাজক ক্ৰোপীয়ে জানিব দিয়ামতে যিকোনো ইলেক্ট্ৰনিক সা-সামগ্ৰীসমুহ বিকল হলে মেৰামতি কৰিবলৈও সক্ষম হয় ৷সম্প্ৰতি দুই পুত্ৰক লৈ কোনোমতে হাজিৰা আদি কৰি জীৱন নিৰ্বাহ কৰি পৰিয়ালটিক চলাই আছে মাতৃ কাজক ক্ৰোপী ৷নিৰাশা জনক ভাবে জীবন অতিবাহিত কৰা স্বামীহাৰা কাজক ক্ৰোপীয়ে পুত্ৰৰ সুবিধাৰ্থে প্ৰয়োজনীয় সা-সামগ্ৰীও অৰ্থৰ অভাৱত ক্ৰয় কৰিব পৰা নাই ৷ আনহাতে প্ৰয়োজনীয় শিক্ষাৰ পৰাও বঞ্চিত হৈছে দুইপুত্ৰ ৷উল্লেখ্য যে শিল্পী গবিন ৰংফাৰে প্ৰাথমিক স্তৰৰ প্ৰথম মান শ্ৰেনীত আকাৰ ইংগিতিৰে দেখি শিকি পঢ়াৰ সাৰমৰ্ম বুজিবলৈ সক্ষম হয় ৷বগা কাগজত লিখি মনৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ লিখি দিলে সহজে বোধগম্য হব পৰা এক আচৰিত ক্ষমতাৰ অধিকাৰী কিশোৰজনক বিকলাংগ বিদ্যালয়ত লিখা পঢ়াৰ কৰাৰ সুবিধা প্ৰদান কৰিলে লগতে কাৰিকৰী দিশসমুহৰ ওপৰত কিছু সুবিধা প্ৰদান কৰিলে নিশ্চয়কৈ বিশ্বনাথ জিলা খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব ৷এই প্ৰতিবেদকক জানিব দিয়ামতে এই পৰ্যন্ত কোনোধৰণৰ চৰকাৰী সা-সুবিধা পোৱা নাই বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে ৷সেয়েহে বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠনেও কিশোৰগৰাকীৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালে সুপ্ত প্ৰতিভা বিকাশ হোৱাত সহায়ক হ’ব ৷

প্ৰেৰক – ৰমেশ চন্দ্ৰ চৰেণ

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds