অসমৰ খিলঞ্জীয়াৰ সমস্যা আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন, আন্তঃৰাষ্ট্ৰীয় ৱেবনাৰ সম্পন্ন

■ অসম সন্মিলিত মহাসংঘৰ হৈ মতিউৰ ৰহমানে এক আন্তঃৰাষ্ট্ৰীয় ৱেবনাৰৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ সমস্যা উত্থাপন কৰে।

 

ইটালীৰ ৰাজধানী ৰোমৰ পৰা ৱেবনাৰৰ জড়িয়তে পৰিচালিত এই আন্তঃৰাষ্ট্ৰীয় আলোচনাত অসমৰ খিলঞ্জীয়া জনগণৰ দুৰাৱস্থাৰ কথা উত্থাপন কৰি অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিচাৰে।মহাসংঘৰ উজনি অসমৰ সমন্বয়ক অনুপ আৰান্ধৰাইও অংশ গ্ৰহণ কৰে এই আন্তঃৰাষ্ট্ৰীয় ৱেবনাৰত।

ৰোমৰ পৰা ইণ্টাৰনেছনেল লেণ্ড কোৱালিচনৰ এচিয়া প্লেটফৰ্মৰ উদ্যোগত পৰিচালিত ওৱেবনাৰখন ইংৰাজী আৰু ৰাছিয়ান ভাষাত অনুষ্ঠিত হয়।


এই ৱেবনাৰখন পৰিচালনা কৰিছিল -David Rubio, Umut Zholdoshova & Kunduz Adylbekova য়ে।

ৱেবনাৰৰ বিষয়বস্তু আছিল “এচিয়া মহাদেশৰ প্ৰাকৃতিক পৰিৱেশ পুনৰ গঠন আৰু সংৰক্ষণত স্থানীয় আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিকা”।

মতিউৰ ৰহমানে বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ ভুলৰ বাবে হোৱা ভয়ানক অগ্নিকাণ্ডৰ ফলত খিলঞ্জীয়া মৰাণ, চুতীয়া, আহোম জনগোষ্ঠীৰ লোক কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে আৰু ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ মাটিকালি কেনেদৰে জালিয়াতিৰে কাম কৰিছিল অইল ইণ্ডিয়াই আৰু ইয়াৰ ফলত পৰিৱেশ আৰু বন্যপ্ৰাণী কেনেদৰে ধ্বংস হৈছে সেই কথা ব্যাখ্যা কৰি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিচাৰে। ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এম শ্বাহে ১ জুলাইত দিয়া নিৰ্দেশত অইল ইণ্ডিয়াক দায়ী কৰাৰ উপৰিও নেচনেল গ্ৰীণ ট্ৰিবিউনেলেক ক্ষয়-ক্ষতিৰ পুনৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু এতিয়াও কাৰ্যকৰী কৰা নাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.