শেহতীয়া আপডেটঃ

বিশ্বনাথৰ হাইদাবাৰীত চাওঁতাল ছাত্ৰ সন্থাৰ সাংগাঠনিক সভা সম্পন্ন

বিশ্বনাথৰ হাইদাবাৰীত চাওঁতাল ছাত্ৰ সন্থাৰ সাংগাঠনিক সভা সম্পন্ন

অসম খবৰ ,বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৮ নবেম্বৰ ঃ

বিশ্বনাথ জিলাৰ হাইদাবাৰী প্ৰেক্ষাগৃহত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সাংগঠনিক সভাখন আজি গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হৈ যায় ৷বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ চৰেণ’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে সাধাৰণ সম্পাদক চ’ম চৰেণে ৷

Of the Students' Association

সভাত চাওঁতাল জনগোষ্ঠীৰ শৈক্ষিক , আৰ্থ সামাজিক ,ৰাজনৈতিক, তথা কলা কৃষ্টি সংস্কৃতিৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ উপৰিও চাওঁতাল অধ্যুষিত গাওঁসমুহৰ বিভিন্ন সমস্যা অভাৱ অভিযোগৰ ওপৰত আলোকপাত কৰা হয় ৷

বিশেষকৈ শৈক্ষিক সমস্যা তথা বাটপথ আৰু বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্থাকৰনৰ বাবে সন্থাই বিশেষ পদক্ষেপ গ্ৰহন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷তদুপৰি মেধাবী ছাত্ৰ ছাত্ৰীক পঢ়াৰ সুবিধা প্ৰদান কৰাৰো এক প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷

সাংগঠনিক দিশতো আলোকপাত কৰা এইখন সভাতেই সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিখন পুৰ্ণাংগ পৰ্যায়ৰ গঠন কৰা হয় ৷

সভাপতি হিচাবে ধীৰেন হাঁসদাক সৰ্বসন্মতি ক্ৰমে নিৰ্বাচন কৰাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদত জিতেন হেমৰম নিৰ্বাচিত হোৱা ২১ জনীয়া পূৰ্ণাংগ পৰ্যায়ৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷

সভাত বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সুভাষ বাস্কে , জিলা উপসভাপতি মাধৱ মাৰাণ্ডী মুখ্য সাংগঠনিক সম্পাদক ৰাজেন মুৰ্মু , প্ৰচাৰ সম্পাদক দেবেশ্বৰ হেম্বৰম , কৃষ্টি সম্পাদিকা জনিতা টুডুৰ লগতে বিশিষ্ট সমাজকৰ্মী ৰমেশ টুডু সহ আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷শলাগৰ শৰাই আগবঢ়াই জিলা উপসভাপতি জনক চৰেণে ৷

সভাত জিলাখনৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ, ছাত্ৰী তথা যুৱক যুৱতী সকলে অংশ গ্ৰহন কৰে ৷

চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰতে জিলাখনৰ অন্তৰ্গত আন কেইবাখনো আঞ্চলিক সমিতি গঠন কৰা হব বুলি চাওঁতাল ছাত্ৰ সন্থাৰ নেতৃত্বই জানিব দিয়ে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.