শেহতীয়া আপডেটঃ

বিশ্বনাথৰ বালিচাঙত কুকুৰা যুঁজৰ বিৰুদ্ধে বালিচাং আৰক্ষীৰ অভিযান

বিশ্বনাথৰ বালিচাঙত কুকুৰা যুঁজৰ বিৰুদ্ধে বালিচাং আৰক্ষীৰ অভিযান ৷

অসম খবৰ , বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ৭ ফেব্ৰুৱাৰী ঃ বিশ্বনাথৰ বালিচাং হৈ পৰিছে এতিয়া মদ ,ভাং , জুৱা আৰু কুকুৰা যুজৰ আড্ডা ৷ দিনক দিনে অসামাজিক কাৰ্য্যাদি বৃদ্ধি পাই আহিছে বালিচাঙত ৷

এচাম জুৱাৰীৰ অসামাজিক কাৰ্যই কলুষিত কৰিছে বালিচাঙৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ বহু গাওঁ ৷

বহু দিন ধৰি জুৱাৰী দলটোৱে অসামাজিক কাৰ্য আদি কৰি শৈক্ষিক , সামাজিক পৰিৱেশ একেবাৰে বিনষ্ট কৰি পেলাইছে ৷ আৰক্ষীয়ো নিৰুপায় ৷ অভিযান চলায়ো যেন ৰোধ কৰিব পৰা নাই মদ , জুৱাৰ আড্ডা ৷ ইফালে জুৱাৰী দলেটোৱেও কম নহয় ৷

বালিচাং আৰক্ষীক কেৰেপ নকৰি দিনৰ পোহৰতে জুৱাৰ অবাধ বেহা চলাই আহিছে সুদীৰ্ঘদিন ধৰি ৷ ক্ৰমাগত ভাবে মহালক্ষী সাপ্তাহিক বজাৰত জুৱা ডাইচৰ বেহা , বালিচাং সাপ্তাহিক বজাৰৰ নিচেই কাষত দিলীচাং নদীৰ সমিপৰ পথাৰৰ মাজত কুকুৰা যুজৰ অবৈধ জুৱা চলাই আহিছে এচাম জুৱাৰীৰ দলে ৷

কালি বালিচাং সাপ্তাহিক বজাৰৰ সুযোগ গ্ৰহন কৰি জুৱাৰীৰ দলটোৱে চলাইছিল কুকুৰা যুজৰ জুৱা ৷ বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত বৰাই কুকুৰা যুজৰ খবৰ পাই আকস্মিকভাবে এক অভিযান চলাই ৷ আৰক্ষী অহাৰ পুৰ্বেই কুকুৰা যুজৰ নেতৃত্ব বহন কৰা লোক কেইজন পলাই সাৰিবলৈ সক্ষম হয় ৷ লগে লগে কুকুৰা যুজৰ সমবেত হোৱা লোকসকলৰ লগতে জুৱাৰীৰ দলটোও পলাই পত্ৰং দিয়ে ৷

অৱশ্যে বালিচাং আৰক্ষীয়ে জুৱাৰীৰ দলটোক কৰায়ত্ত কৰাৰ আপ্ৰাণ চেষ্টা চলাই ৷ যদিও পলাই সাৰে জুৱাৰীৰ দলটো ৷ এই পৰ্যন্ত আৰক্ষীয়ে কোনো লোকক কৰায়ত্ত কৰা নাই ৷ অৱশ্যে কুকুৰা যুঁজ লগোৱা কিছু চোকা লোহাৰ কাইট সদৃশ সামগ্ৰী আৰু কুকুৰা কেইটামান জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ এই কাৰ্যক সচেতন মহলে ভুয়সী প্ৰশংসা কৰে ৷ আৰু জুৱা আৰু কুকুৰা যুজৰ জুৱাক সম্পুৰ্ন ৰূপে বন্ধ কৰিব নোৱাৰা পৰ্যন্ত অভিযান চলাই যাবলৈ আহ্বান জনাই স্থানীয় ৰাইজে ৷

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.