শেহতীয়া আপডেটঃ

বিশ্বনাথৰ চেলাইখাতিত কাৰ্বি সাহিত্য সভাৰ শাখা কমিটি গঠনৰ সভা সম্পন্ন

বিশ্বনাথৰ চেলাইখাতিত কাৰ্বি সাহিত্য সভাৰ শাখা কমিটি গঠনৰ সভা সম্পন্ন

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ৮ জানুৱাৰী ঃ বিশ্বনাথ জিলাৰ অধীনস্ত অসম অৰুণাচল সীমান্তৱৰ্তীৰ চেলাইখাতিত কাৰ্বি সাহিত্য সভাৰ শাখা সমিতি গঠনৰ সভাখন কালি সুকলমে অনুষ্ঠিত হৈ যায় ৷প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী মহিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আত ধৰে বিশ্বনাথ জিলা কাৰ্বি সাহিত্য সভাৰ সম্পাদক ৰমেশ ক্ৰো’য়ে ৷

সভাত কাৰ্বি সকলৰ কলা , কৃষ্টি সংস্কৃতিৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ উপৰিও সাংগঠনিক দিশৰ ওপৰতো আলোকপাত কৰা হয় ৷

গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হোৱা সভাত সাহিত্য সভাৰ কেইবালানি গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে ৷ সভাত সাংগাঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ কাৰ্বি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি কাৰ্বি অধ্যুষিত এলেকা বিশেষে শাখা সমিতি সমুহ গঠনৰ প্ৰস্তাৱ গ্ৰহন কৰিছে ৷

সেই মৰ্মে আজিৰ সভাত অসম অৰুণাচল সীমান্তৱৰ্তীৰ বৃহত্তৰ চেলাইখাতিক সামৰি কাৰ্বি সাহিত্য সভাৰ “চেলাইখাতি শাখা সমিতি” খন গঠন কৰা হয় ৷ ৩১ জনীয়া সদস্য , সদস্যাভুক্তিৰে পুৰ্ণ পৰ্যায়ৰ সমিতিখনত সভাপতি হিচাবে দিনেশ ৰংহাঙক নিৰ্বাচিত কৰাৰ বিপৰীতে সম্পাদকৰ পদত চেনীৰাম বে’ক মনোনিত কৰা হয় ৷ সভাখনত কাৰ্বি সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.