শেহতীয়া আপডেটঃ

বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই দিনে-ৰাতি, বতাহ-বৰষুণে কিয় ঘূৰি-ফুৰিছে?

● নলবাৰী সমষ্টিৰ বিধায়ক মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱৰ সহধৰ্মিণী জুলি ডেকা বৰুৱাই বিগত কিছুদিন ধৰি দিনে-নিশা, ৰ’দে -বৰষুণে সমষ্টিটোৰ চুকে-কোনো ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। কিন্তু কিয় তাক লৈ বিভিন্নজনৰ মাজত প্ৰশ্ন উদয় হৈছে।আচলতে জুলি ডেকা বৰুৱাৰ স্বামী তথা নলবাৰী সমষ্টিৰ বিধায়ক তথা মূখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হোৱা হেতুকে কৰ্মব‍্যস্ততা থাকিব লগাত পৰিছে।

সেয়েহে বিধায়ক পত্নীয়ে দলীয় নেতা-কৰ্মীক সংগত কৰি লৈ নলবাৰী সমষ্টিৰ ৰাইজে সুখ -দুখৰ সমাভাগী হোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ চেগ বিতৰণ কৰি আহিছে।এই পৰিপ্ৰেক্ষিতত বিধায়ক পত্নীগৰাকীয়ে আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডলৰ ১২নং দতৰা আৰু ১৩নং ঘগ্ৰাপাৰ পঞ্চায়ত আৰু পূৱ নলবাৰী মণ্ডলৰ ১নং খাতা, ৩ নং খাতা, ৪ নং খাতা গাওঁ পঞ্চায়ত, ১০ নং দক্ষিণ বাহজানী, ৯ নং মধ্য বাহজানী গাওঁ পঞ্চায়তৰ বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ থকা ৰোগী সকলক মূখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা চিকিৎসাৰ সুবিধাৰ্থে ৰোগী সকলৰ ঘৰে ঘৰে গৈ আৰ্থিক সাহাৰ্য্যৰ চেক বিতৰণ কৰে লগতে প্ৰতিগৰাকী ৰোগীৰে স্বাস্থ্যৰ বুজ লয়।

লগতে ভাৰতীয় জনতা পাৰ্টিৰ জ‍্যেষ্ঠ কাৰ্যকৰ্তা জাহা গাওঁৰ প্ৰয়াত চন্দ্ৰ নাথ ডেকাৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইফালে ঘগ্ৰাপাৰত বিধায়ক পত্নী জুলি ডেকাক সংগ দিয়ে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক শ‍্যামন্ত শৰ্মা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,বাঘমাৰা গাঁওৰ বিজেপিৰ বুথ সভাপতি পুলেন কলিতা,বিজেপিৰ কাৰ্যকৰ্তা দ্বীপ মল্ল বৰুৱা,নৃপেন কলিতা,সুকুমাৰ লহকৰ,সৰ্বেশ্বৰ কলিতা আদিয়ে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.