31.3 C
Guwahati
Saturday, September 27, 2025
More

    শেহতীয়া আপডেটঃ

    বাঘকলৈ আতংক বিহালীত : বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতা সজাগতা সভা:

    বাঘকলৈ আতংক বিহালীত : দক্ষিণ ৰাংছালীত ৰাজহুৱা সভা: ১০ টাৰো অধিক গৰু হত্যা : উপায়ুক্তলৈ স্মাৰক পত্ৰ :

    বিশ্বনাথ চাৰিআলি ১৭ জানুৱাৰী :

    বিহালীত অব্যাহত আছে বাঘৰ সন্ত্ৰাস। বিহালী সমষ্টিৰ বটিয়ামাৰী ৰাংছালীকে ধৰি বিভিন্ন স্থানত যোৱা কেইবাদিন ধৰি বাঘৰ সন্ত্ৰাসে এক ভয়ংকৰ আতংকৰ সৃষ্টি কৰা লগতে গৰু গোহালি পৰা গৰু পোৱালি হত্যা, ছাগলী হত্যা কৰি এক সন্ত্ৰাস সৃষ্টি কৰিছে। যাৰ ফলত যোৱা কেইবাদিন ধৰি বটিয়ামাৰী, ৰাংছালী , ৰাংছালী কাচকটা, দলনী লগতে বিভিন্ন স্থানত বাঘে এক সন্ত্ৰাস চলাই গৈছে।


    ইফালে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সোমবাৰে বিহালী সমষ্টিৰ বটিয়ামাৰী

    গাওঁ পঞ্চায়ত

    অন্তৰ্গত দক্ষিণ ৰাংছালী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিধায়ক ৰঞ্জিজ দত্ত তৎপৰতাত অনুষ্ঠিত হোৱা সভাত খন সদৌ

    ৰাংছালী আৰ্থিক সামাজিক উন্নয়ন সমিতিৰ সভাপতি চিৰাজ হাজৰিকাই সভাপতিত্ব কৰে৷
    সভা খন আতঁ ধৰে অনূসূচীত জাতি উন্নয়ন বৰ্ডৰ বিশ্বনাথ জিলাৰ অধ্যক্ষ অৰূপ কুমাৰ দাসে।

    অঞ্চলটো তিনি শতাধিক লোক উপস্থিত থকা ৰাজহুৱা সভা খনত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল বিষয়া কনক বৈশ্য ,পূৱ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া অৰুণ বিকনিচ,
    বৰগাংৰ বনাঞ্চলিক মানিক চন্দ্ৰ ৰয়, বন্যপ্ৰাণী
    গমিৰি বনাঞ্চলিক বিষয়া প্ৰাঞ্জল গগৈ, বিহালী আৰক্ষী থানাৰ গাওঁ ৰক্ষীবাহিনী সভাপতি কুমুদ শইকীয়া,বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰাজ জ্যোতি নেমুশুদ্ৰ,অনুসুচীত জাতি উন্নয়ন বৰ্ড বিশ্বনাথ জিলাৰ অধ্যক্ষ অৰুপ কুমাৰ দাসৰ লগতে ৰাংছালী আৰ্থিক সামাজিক উন্নয়ন সমিতি কাৰ্যকৰী সভাপতি সঞ্জীৱ কুমাৰ দাসকে বিষয়ববীয়া সকল।

    এই সভাত বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ নাগৰিক পূৰ্ণধৰ দাস, কাৰ্তিক দাস, জীৱন দাস, নিজ বিহালী গাওঁ পঞ্চায়ত সভাপতি প্ৰেম কান্ত ছেত্ৰী, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, বিহালী আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি অঞ্চলটো তিনি শতাধিক লোক উপস্থিত থাকি নিজৰ সমস্যা সমূহ সভাত অৱগত কৰে।


    ইফালে যোৱা কেইবাদিন ধৰি ১০ টাৰো অধিক গৰু বাঘে হত্যা কৰিছিল ৷যাৰ বাবে আজি বৃহত্তৰ ৰাংছালী-বটীয়ামাৰী অঞ্চলৰ ৰাইজ উপস্থিত হৈ ৰাজহুৱা সভাত নিজৰ সমস্যাসমূহ অৱগত কৰে৷ইফালে এই সভাত উপস্থিত থকা বনবিভাগৰ বন বিষয়া সকলে ক্ষতিপূৰণৰ সকলো ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰি ৰাইজক আশ্বাস প্ৰদান কৰে৷
    আনহাতে সভাত ভুক্তভোগী ৰাংছালী গাওঁৰ কাৰ্তিক দাস,কুমুদ শইকীয়াই নিজৰ মন্তব্যত কয় আমাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে খেদি খেদি আহিছে যাৰ বাবে আজি বাঘকে ধৰি বন্যপ্ৰাণী সমূহ আমাৰ গাৱঁলৈ ধাপলি মেলিছে।
    ইফালে সভাত উপস্থিত থকা জীৱন দাসে কয় আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন সীমানটো শীঘ্ৰে নিধাৰণ কৰা কথা প্ৰকাশ কৰে৷ইফালে সভাই ৰাংছালী জুৰীয়া ঘাট এটাত বন শিৱিৰ স্থাপন, বন্যপ্ৰাণী ৰোধ কৰিবলৈ পৰা বিশেষ ব্যৱস্থা, গমিৰি পৰা ৰাংছালী দলনীলৈকে নদীৰ ঘাত সমূহত পোহৰৰ ব্যৱস্থা কৰা, মাছ মৰীয়া সকলকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ,সীমা সমস্যাটোৰ সমাধান নোহোৱা পৰ্যন্ত গৰু ম’হৰ খুটি সমূহ পূৰ্বৰ স্থানতে বাহাল থাকিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰি উপায়ুক্ত, বন বিভাগৰ বিষয়া লগতে স্থানীয় বিধায়ক ৰঞ্জিত দত্ত লৈ প্ৰেৰণ কৰাৰ সভাই সিদ্ধান্ত লয়।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.