31.3 C
Guwahati
Monday, February 2, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    প্ৰধানমন্ত্ৰী মোডীৰ ৭ টা নতুন প্ৰতিৰক্ষা কোম্পানী দেশৰ নামত উৎসৰ্গা

    ৭ টা নতুন প্ৰতিৰক্ষা কোম্পানী হৈছে, Munitions India Limited, Armoured Vehicles Nigam Limited AVANI, Advanced Weapons and Equipment India Limited, Troop Comforts Limited, Yantra India Limited, India Optel Limited, and Gliders India Limited. Armoured Vehicles Nigam Ltd in Tamil Nadu.

    ■ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া ১২.১০ বজাত ৭টা নতুন প্ৰতিৰক্ষা কোম্পানী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আয়োজন কৰা অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰতিৰক্ষা উদ্যোগ সংস্থাৰ প্ৰতিনিধিসকল অনুষ্ঠানটোত উপস্থিত থাকে।

    চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা উন্নত কৰাৰ পদক্ষেপ হিচাপে চৰকাৰী বিভাগৰ পৰা অৰ্ডনেন্স ফেক্টৰী বোৰ্ডক ৭টা ১০০ শতাংশ চৰকাৰী মালিকানাধীন কৰ্পোৰেট প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপে বৰ্ধিত কাৰ্যকৰী স্বায়ত্ত শাসন, দক্ষতাত বিকাশ আৰু নতুন বিকাশৰ সম্ভাৱনা আৰু উদ্ভাৱন কঢ়িয়াই আনিব।

    অন্তৰ্ভুক্ত কৰা ৭ টা নতুন প্ৰতিৰক্ষা কোম্পানী হৈছে, Munitions India Limited, Armoured Vehicles Nigam Limited AVANI, Advanced Weapons and Equipment India Limited, Troop Comforts Limited, Yantra India Limited, India Optel Limited, and Gliders India Limited. Armoured Vehicles Nigam Ltd in Tamil Nadu. এই ৭টা নতুন প্ৰতিৰক্ষা কোম্পানী আজি দেশবাসীৰ বাবে উৎসৰ্গিত কৰা হয়।

    প্ৰতিৰক্ষা কোম্পানীটোৰ ৫ টা গোট আৰু তামিলনাডুৰ আবাদীত কৰ্পোৰেট মুখ্য কাৰ্যালয়ে সমগ্ৰ দেশত অৱস্থিত অন্যান্য কাৰখানাৰ সৈতে উৎক্ষেপণ অনুষ্ঠানত যোগদান কৰিব। আৱাদিত সশস্ত্ৰ বাহন নিগমে চলিত মাহৰ প্ৰথমৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াৰ কাম আৰম্ভ কৰিছে।

    এক বিশ্বমানৰ আন্তঃগাঁথনি আৰু অত্যাধুনিক প্ৰযুক্তি আৰু প্ৰায় ১২ হাজাৰ কৰ্মচাৰী থকা, প্ৰতিৰক্ষা কোম্পানীটোৰ মুখ্য সামগ্ৰীবোৰ হৈছে যুদ্ধ টেংক, ICVs, Military Mobility Solution, ইঞ্জিন আৰু অন্যান্য আনুষঙ্গিক সামগ্ৰী। কোম্পানীৰ অৰ্ডাৰ বুকৰ মতে ৩১ হাজাৰ কোটি টকাতকৈ অধিক খৰচ কৰা হ’ব। প্ৰতিৰক্ষা কোম্পানীৰ সামগ্ৰীবোৰ সকলো সময়তে পৰীক্ষা কৰা হ’ব আৰু সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু গৃহভূমি সুৰক্ষা সংস্থাৰ বাবে শক্তিৰ উৎস হিচাপে কাম কৰিব।

     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.