শেহতীয়া আপডেটঃ

ধ্বংসৰ গৰাহত পাটসাঁকোৰ ৰেচম বিভাগৰ মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠান

■ শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা
ধ্বংসৰ গৰাহত অবিভক্ত শিৱসাগৰ পাটসাঁকোৰ ৰেচম বিভাগৰ মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠান।পৰিত্যক্ত হৈ পৰি ৰৈছে প্ৰতিষ্ঠানটোৰ যন্ত্ৰ-পাতি।

অবিভক্ত শিৱসাগৰ জিলাৰ পাটসাঁকো বৰভূঞা অঞ্চলৰ ১৯৯০চনতেই প্ৰতিষ্ঠা কৰা হৈছিল অসম চৰকাৰৰ ৰেচম বিভাগৰ এটি মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠান। স্থাপনৰ ঠিক এক/দুইবছৰৰ পিছতে ধ্বংসৰ গৰাহলৈ গতি কৰিলে পাটসাঁকোৰ বৰভূঞা অঞ্চলৰ ৰেচম বিভাগৰ মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটো।

পাটসাঁকোৰ বৰভূঞা অঞ্চলত অৱস্থিত অসম চৰকাৰৰ ৰেচম বিভাগৰ এই মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানতেই উৎপাদন কৰা হৈছিল চোম গছৰ পৰা বিভিন্ন মুগা সূতা। মুগা সূতা উৎপাদন কৰিবলৈ তাত ব্যৱহাৰ কৰা হৈছিল কেইবাটাকৈও সূতা কটা যন্ত্ৰ।

তিনিগৰাকীকৈ কৰ্মচাৰীয়ে অসম চৰকাৰ ৰেচম বিভাৰ এই মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল। ইয়াৰ উপৰিও এই প্ৰতিষ্ঠানটোত মুগা সূতা উৎপাদনৰ বাবে প্ৰায় দুই বিঘাকৈ আছিল চোম গছ।

কিন্তু ১৯৯০চনতেই প্ৰতিষ্ঠা লাভ কৰা এই প্ৰতিষ্ঠানটো ১৯৯০চনৰ দুইবছৰৰ পিছৰৰ পৰাই বৰ্তমানলৈকে যেন সকলো ধ্বংসৰ গৰাহত উদ্যোগিক প্ৰতিষ্ঠানটো।

অসম চৰকাৰৰ মুগা সূতা উৎপাদন কাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ বৰ্তমান পয়া লগা অৱস্থা,উৱলি গৈছে টিন পাত,কোঠা সমূহত গজি উঠিছে লতা জাতীয় উদ্ভিদ,পকী দেৱাল সমূহত মেলিছে ফাঁট,পৰিত্যক্ত হৈ পৰি ৰৈ প্ৰতিষ্ঠানটোৰ সূতা কটা যন্ত্ৰ সমূহো।

চৰকাৰী কাগজে পত্ৰই বৰ্তমানেও চলি আছে অসম চৰকাৰৰ ৰেচম বিভাগৰ এই মুগা সূতা উৎপাদন কাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটো।প্ৰতিষ্ঠানটোত কৰ্মৰত তিনিগৰাকীকৈ কৰ্মচাৰীয়ে প্ৰতিষ্ঠানটোলৈ নহাকৈয়ে বৰ্তমানেও লাভ কৰি আছে প্ৰাপ্য মাহিলী দৰমহা।

ইয়াৰ উপৰিও মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উৎপাদনকাৰী উদ্যোগিক প্ৰতিষ্ঠানটোত নাই এখনো নামফলক।

অসম চৰকাৰৰ ৰেচম বিভাগলৈ স্থানীয় ৰাইজৰ আহ্বান পাটসাঁকো বৰভূঞা অঞ্চলত অৱস্থিত মুগা সূতা উৎপাদন কাৰী এই ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ লগতে স্থানীয় নিবনুৱা যুৱক যুৱতীক প্ৰতিষ্ঠানটোত কৰ্মসংস্থাপন দিবলৈ অসম চৰকাৰৰ ৰেচন বিভাগ,মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.