এক উখল-মাখল পৰিৱেশৰ মাজত ডিব্ৰুগড়ৰ আউনিআটী সত্ৰত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি বিশ্ববৰেণ্য গণশিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

ডিব্ৰুগড়ৰ কুমাৰনিছিগা শাখা, শংকৰদেৱ শাখা আৰু চৌকিডিঙ্গী শাখাৰ যুটীয়া উদ্যোগত এই বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী – অনুষ্ঠানৰ আৰম্ভণিতে তিনিওটা শাখাৰ বিষয়ববীয়া আৰু সদস্যসকলে সন্মিলিতভাৱে পৰিষদৰ পতাকা উত্তোলন কৰে, ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপন কৰা হয়।গণশিল্পী ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। কুমাৰনীছিগা শাখাৰ সভানেত্ৰী ৰাজশ্ৰী সেনাপতি গগৈ ৰ সভাপতিত্বত মূল সভাখন অনুষ্ঠিত হয়।

সভাত উপস্থিত কুমাৰনিছিগা শাখাৰ সভানেত্ৰী ৰাজশ্ৰী সেনাপতি গগৈ, সভানেত্ৰী শংকৰদেৱ শাখাৰ জোনটি বৰা, উপ-সভানেত্ৰী চৌকিডিঙ্গী শাখাৰ মধুমিতা দত্ত, সম্পাদিকা জুলি দত্ত, সহ-সম্পাদিকা পাপৰি গগৈ, কাৰ্যকৰী সদস্য দীপমণি বৰুৱা, কল্পনা গগৈ ৰ প্ৰমুখ্যে কিছু সংখ্যক উৎসাহী সদস্য উপস্থিত থাকে। ”ড° ভূপেন হাজৰিকাই অসমীয়া জাতীয় জীৱনলৈ যি অমূল্য বৰঙণি আগবঢ়াই থৈ গৈছে, সেয়া চিৰকাল প্ৰাসংগিক হৈ থাকিব।” নতুন প্ৰজন্মক সংস্কৃতিৰ সৈতে জড়িত হৈ থাকিবলৈ আহ্বান জনায়।



