শেহতীয়া আপডেটঃ

কোনদিশে আজিৰ মানৱতা আৰু মানসিকতা ?

কোনদিশে আজিৰ মানৱতা আৰু মানসিকতা ?

                               
       আচিক আহমেদ।
       ফোনঃ৯৩৬৫৮৬৫০৮২
      ৰাইমাধাঃবৰভাগঃনলবাৰী

আধুনিকতাৰ বিভ্ৰান্তিত আজিও সৃষ্টি কৰিছে উচ্ছৃংখল পৰিৱেশ ,হেৰুৱাই পেলাইছে মৰম,দয়া,মানৱীয় গুণসমূহ ।যান্ত্ৰিকতাৰ গভীৰতালৈ সোমাই পৰি কালক্ৰমত মানৱীৱ আবেগ অনুভূতি হেৰাই পেলালে ।

মনবোৰ সংৰ্কীৰ্ণ হৈ পৰিলে ।আধুনিকতাৰ মাজত নিজৰ মাজতেই ব্যস্ত,যেন আনৰ বাবে সময় নাই,এতিয়া যেন মানুহ আছে নাই কোনো মানৱতা ।

দিনক দিনে শিক্ষা,সম্পত্তি বাঢ়িছে ঠিকেই বাৰু কিন্তু অনুপাতে ইয়াৰ মূল্য কিমান হৈছে?ইয়াৰ সুষম ব্যৱহাৰ হৈছেনে বাৰু !

শিক্ষা আৰু নম্বৰ মাজত প্ৰতিযোগিতা হৈছে কিন্তু ভালদৰে শিক্ষিত ব্যক্তি হোৱা আৰু জ্ঞান,আদৰ্শগত ,মূল্যবোধ,নৈতিকতা শিক্ষাৰ মাজত নহয় ।

বৰ্তমান যুগত শিক্ষাৰ্থী নম্বৰ পায় বহুত যিটো অতীতত হয়তো সম্ভৱ নাছিল ইমান নম্বৰ পোৱা কিন্তু অকল নম্বৰ পালেই কি হব যদিহে মানুহক সন্মান কৰিবই নেজানে ?সমাজৰ বাবে অৱদান আগবঢ়াৱ নোৱাৰে ।

শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি হৈ পৰিছে। কিয় আজি আমি আমাৰ মানসিকতা সলনি কৰি এজন সুদক্ষ মানৱ সম্পদ হোৱাৰ বাবে ,অন্য দিশৰ পৰা এজন সফল ব্যক্তি হৈ দেশৰ অৰ্থনীতিত অৱদান আগবঢ়াবলৈ যত্ন নকৰো?সাধৰনতে গ্ৰাম্যঞ্চল আৰু চহৰ অঞ্চলৰ মাজত এটি পাৰ্থক্য বাৰুকৈ পৰিলক্ষিত হয় ।

গ্ৰামাঞ্চলৰ মানুহৰ যদিও আজিকালি নিজৰ মাজতেই ব্যস্ত যদিও কাৰোবাৰ দুখত সমভাগী হবলৈ ওলাই আহে

।লাজ,সন্মান আদি কিছু পৰিমানে হলেও বুজি পাই।মনৰ আবেগ অনুভূতিবোৰ ভাল,দয়াশীল আৰু মৰমীয়াল ,কিন্তু গাঁওৰ মানুহবোৰ কথা খুচৰাত ব্যস্ত ,আনৰ উন্নতিত কেনেকৈ হিংসা কৰিব পাৰো তাৰ চিন্তাত ৰাতিও টোপনি নাই,সন্দেহ,কুসংস্কাৰ অভাৱ নাই ।কিন্তু ইয়াৰ বিপৰীত দৃশ্য চহৰ অঞ্চলত দেখিবলৈ পোৱা যায়। সন্দেহ,কুসংস্কাৰ নাই যদিও মানুহবোৰ ব্যস্ত কেৱল নিজৰ মাজতেই,আনৰ প্ৰতি সাধৰণতে দয়াশীল খুবেই কম পৰিমানে,লাজ সন্মান কম পৰিমানে দেখা যায় ,আবেগ অনুভূতিবোৰ এক পাৰ্থক্য দেখিবলৈ পোৱা যায় গ্ৰামাঞ্চলৰ তুলনাত ।

কিন্তু চহৰ অঞ্চলত সুবিধা উপলদ্ধ যথেষ্ঠ পৰিমাণে ।ব্যস্ত কেৱল নিজৰ মাজতেই ব্যস্ত যে কোনোবা মৰিলেও দাহ কৰিবলৈ ,দুখৰ সমভাগী হবলৈ সময় নাই ।

ব্যস্ত কেৱল নিজস্বতা আৰু টকাৰ পাছতেই ।

আচলতে আমি আমাৰ মানসিকতা সলনি কৰি বিশুদ্ধ সমাজ গঢ়িবলৈ কিয় যত্ন নকৰো!যত ঐক্যবদ্ধভাৱে আমি সকলোৱে মিলা প্ৰীতিৰে তথা সহযোগীতাৰে সকৰাত্মক ভাৱে মানৱ সেৱাই পৰম ধৰ্ম বুলি গ্ৰহণ কৰি অৱদান আগবঢ়াই যাম !

কিন্তু আজিৰ মানুহ শিলৰ দৰে কঠিন কথা গলেও গাত নেলাগে ।

সমাজ বিশুদ্ধ হবলৈ পোনতে আমাৰ অন্তৰৰ বিশুদ্ধ হব লাগিব আৰু বিশুদ্ধ হবলৈ হলে অকল নিজেই সঠিক পথত চলিলেই নহব আনৰো দোষ,গুন আঙুলিয়াই দিব লাগিব ,আনৰ প্ৰতি মনত বিশুদ্ধ চিন্তা থকাৰ লগতে উন্নতিৰ কামনা কৰিব লাগিব ,ইজনে সিজনক পাৰস্পৰিক সহযোগিতা আগবঢ়ায় লাগিব ।

 আজি অসমতে অসমীয়াৰ অস্তিত্ব নাই কিয় ?বহু অসমীয়া অভিভাৱকে তেওঁলোকৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাই ঠিকেই আছে বাৰু  কিন্তু তাৰ লগতে তেওলোকক কিয় অসমীয়া প্ৰতি জ্ঞান দিয়া হোৱা নাই,আচলতে এজন অসমীয়া হৈ অসমৰ মাতিত জন্মগ্ৰহণ কৰি অসমীয়া লিখিব,কব নজনা তাতকৈ দুৰ্ভাগ্যজনক কথা নাই ,অসমীয়াৰ নামত নামত কলংক কিন্তু আমাৰ সমাজ অন্ধভক্তৰ দৰে তেওলোকৰ ইংৰাজীৰ যশস্যা মোহিত স্মাট বুলি কয় ।হয়‌ মানি লৈছো ইংৰাজী ভাষা বিশ্ববাসীত চলা ভাষা কিন্তু নিজৰ ৰাজ্যত থাকি সেই ৰাজ্যৰ সংস্কৃতিৰ লগত কিয় পৰিচিত নহয় ?যিদৰে উত্তৰাধিকাৰী সূত্ৰে মাক দেউতাকৰ সম্পত্তি গ্ৰহন কৰিব পাৰে তেনেদৰে অসমৰ উত্তৰাধিকাৰী হৈ অসমীয়া লিখিব,পঢ়িব নজনা এজন ব্যক্তিয়ে নিজক অসমীয়া বুলি দাবী কৰাৰ কি অস্তিত্ব আছে ?
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.