শেহতীয়া আপডেটঃ

কৃষ্ণাই প্ৰেছ ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপঃ আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক অনলাইন ক্লাছ কৰিবলৈ ম’বাইল প্ৰদান

♦কৰ’না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ ফলত স্থবিৰ হৈ পৰিছে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাপন৷ চৰকাৰে জনতাৰ জীৱন ৰক্ষাৰ স্বাৰ্থত আংশিক লক ডাউনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব লগীয়া হৈছে৷ বন্ধ হৈ পৰিছে বজাৰ-সমাৰ৷ স্তব্ধ হৈ পৰিছে যাতায়াত৷ অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠান সমূহো৷ শ্ৰেণীৰ পাঠদানৰ পৰিৱৰ্তে আৰম্ভ কৰা হৈছে অনলাইন পাঠদান৷

পিছে, এই অনলাইন পাঠ গ্ৰহণ কৰিবলৈ গৈয়ে সমস্যাত পৰিছে বহু ছাত্ৰ-ছাত্ৰী৷ কাৰণ বহু পৰিয়ালৰ অভিভাৱকৰ নিজ সন্তানক এটা এণ্ড্ৰইড ম’বাইল হেণ্ডচেট কিনি দিবলৈ সামৰ্থ্য নাই৷ গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলতো এনে বহু ছাত্ৰছাত্ৰী আছে যিয়ে মাত্ৰ এটা ম’বাইলৰ অভাৱত অনলাইন ক্লাছ কৰিবলৈ সক্ষম হোৱা নাই৷

এনে কিছু দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰছাত্ৰীৰ মাজতে আজি কৃষ্ণাই প্ৰেছ ক্লাৱে একোটিকৈ এণ্ড্ৰইড ম’বাইল বিতৰণ কৰে৷ কৃষ্ণাই অঞ্চলৰ বিভিন্ন জন শুভাকাংক্ষীৰ সহযোগত আজি কৃষ্ণাই প্ৰেছ ক্লাৱে অঞ্চলটোৰ মুঠ পোন্ধৰ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত আজি বিতৰণ কৰে একোটিকৈ ম’বাইল হেণ্ডচেট৷ সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ সমুখত বা ঘৰে ঘৰে গৈ সাংবাদিক সকলে ম’বাইল সমূহ বিতৰণ কৰে৷

কৃষ্ণাই প্ৰেছ ক্লাৱৰ এই সুন্দৰ প্ৰচেষ্টাত সহযোগ অঞ্চলটোৰ বহু কেইজন শুভাকাংক্ষীয়ে৷ কৃষ্ণাই প্ৰেছ ক্লাৱৰ এই উদ্যোগকসচেতন মহলে আদৰণি জনাইছে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.