শেহতীয়া আপডেটঃ

অসম ৰাজ‍্যিক শিক্ষক কৰ্মচাৰী সংস্থা,২০১৩ প্ৰাদেশীকৃত সমিতি গঠন

 

অসম ৰাজ‍্যিক শিক্ষক কৰ্মচাৰী সংস্থা,২০১৩ প্ৰাদেশীকৃত সমিতি গঠন

অনন্ত ৰাম নাথ সভাপতি,কন্দৰ্পেশ্বৰ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে বাচনি
২৫ আগষ্টত গুৱাহাটীৰ কৃষ্ণনগৰ উদয়ন সংঘৰ প্ৰেক্ষাগৃহত নৱপ্ৰাদেশীকৃত প্ৰাথমিক ( নিম্ন আৰু উচ্চ) শিক্ষক সন্থা অসম, আৰু হাইস্কুল অৱসৰ প্ৰাপ্ত-কৰ্মৰত শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত এখন প্ৰতিনিধি সভা হয়।উক্ত সভাত সভাপতিত্ব কৰে গোলাপচন্দ্ৰ নাথে।

সভাত অসমৰ সৰহ সংখ্যক জিলাৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষক প্ৰতিনিধি উপস্থিত থাকে।উল্লেখ‍্য যে ২০১৩ চনত প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সকল নতুন পেঞ্চন আঁচনি প্ৰবৰ্তন হোৱাৰ বহুত আগতে বিদ্যালয় পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্তি পোৱা মতে শিক্ষক কৰ্মচাৰীয়ে কামত যোগদান কৰে।অসম চৰকাৰে এই শিক্ষক কৰ্মচাৰী চাকৰি প্ৰাদেশীকৰনৰ আদেশ পত্ৰত( Allotment order) কমিটিয়ে দিয়া নিযুক্তিৰ পত্ৰৰ তাৰিখ উল্লেখ কৰি বিভাগীয় কৰ্তৃপক্ষই অনুমোদন দি প্ৰাদেশীকৰনৰ আদেশ প্ৰদান কৰে।এই ক্ষেত্ৰত ২০১৩ চনৰ প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীক NPS মুক্ত কৰিOPS পোৱাৰ বাবে চৰকাৰক অনুৰোধ জনাই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিটো সন্থাই বিভাগীয় ভাৱে চৰকাৰৰ লগত যোগাযোগ কৰি ফলপ্ৰসূ সমাধান পোৱাৰ বাবে এখন মঞ্চ তৈয়াৰ কৰাৰ বাবে চিন্তা চৰ্চা কৰি সৰ্বসন্মতিক্ৰমে পৰামৰ্শ আগবঢ়ায়।উক্ত সভাত সৰ্বসন্মতিক্ৰমে- ” অসম ৰাজ্যিক শিক্ষক কৰ্মচাৰী সন্থা২০১৩ প্ৰাদেশীকৃত” নামেৰে নামাকৰণ কৰি ৰাজ্যিক পৰ্যায়ৰ এখন সমিটী গঠন কৰা হয়।

অনন্ত ৰাম নাথ সভাপতি, ৰবেন গোস্বামী কাৰ্যকৰী সভাপতি, কন্দৰ্পেশ্বৰ শৰ্মা সাধাৰণ সম্পাদক, আৰু আব্দুল ৰফিক মোল্লা হক মুখপাত্ৰ হিচাপে বাছনি কৰি এখন কমিটী গঠন কৰা হয়।

এই পৱিত্ৰ সদনত আলোচনা কৰি ২০১৩ চনত প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীকNPS মুক্তকৰণ কৰিOPS পুৰণি পেঞ্চন আঁচনি প্ৰদানৰ বাবে চৰকাৰৰ লগত নৱগঠিত সমিটী খনক সকলো ধৰণৰ পদক্ষেপ লোৱাৰ বাবে সভাই অধিক গুৰুত্ব প্ৰদান কৰে বুলি অসম ৰাজ‍্যিক শিক্ষক কৰ্মচাৰী সংস্থা,২০১৩ প্ৰাদেশীকৃত সমিতিৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক কন্দৰ্পেশ্বৰ শৰ্মাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে ।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.