শেহতীয়া আপডেটঃ

অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী আৰু স্মাৰক পত্ৰ প্ৰদান

● ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰি চাহ বাগিচা সমুহৰ পৰিচালক সকলক স্মাৰক পত্ৰ দাখিল কৰে।

উল্লেখ্য যে চাহ বাগিছাত কৰ্মৰত শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী বিভিন্ন দল সংগঠনৰ আছিল তাৰ ভিতৰত অন্যতম অসম চাহ মজদূৰ সংঘ, আটছা, আৰু আছা আদি।

অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীৰ নেতৃত্বত অঞ্চলটোৰ সমুহ বাগিচা পুৱা ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী আৰু স্মাৰক পত্ৰ প্ৰদান

চৰকাৰে কেৱল ভোটৰ অংকৰ বাবে বাগিছা কৰ্মৰত খাটি খোৱা শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি অত দিনে ৰখাই সাধাৰণ নিৰ্বাচনৰ ঠিক আগমূহুৰ্তত দৈনিক মজুৰি অন্তৱৰ্তিকালীন সাহা‍ৰ্য্য হিচাপে ঘোষণা কৰা কাৰ্য্যক অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীয়ে নিৰ্বাচনী চমক বুলি উল্লেখ কৰে।

উল্লেখ্যযে শ্ৰমিক ৰাইজ পাবলগীয়া বকেয়া ধন (বাড়তি) টকাৰ বাবে অসম চাহ মজদূৰ সংঘই যোৱা ২০১৮ বৰ্ষৰ মাৰ্চ মাহৰ পৰা দিব লাগে বুলি অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ কৰি আহিছে।

চৰকাৰে ঘোষণা কৰা দৈনিক মজুৰি আচলতে মজুৰি বৃদ্ধিৰ চুক্তি নহয় এইটো অন্তৱৰ্তিকালীন সাহায্য হে যিটো ইয়াৰ আগতেও ২০১৮ বৰ্ষত ঘোষণা কৰি দুমাহৰ বকেয়া ধন শ্ৰমিক ৰাইজক দিয়া হোৱা নাছিল, কিন্তু পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰি শ্ৰমিক ৰাইজক চৰকাৰে প্ৰতাৰণা কৰিলে, কাৰণ চৰকাৰে পূৰ্বে ৩৫১.৩৩ টকা দৈনিক মজুৰি হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু আজি বিজেপি নেত্ৰাধীন চৰকাৰৰ পাঁচ বছৰ কাল শেষ হোৱাৰ অন্তত দৈনিক মজুৰি বৃদ্ধিৰ চুক্তি কৰিব নোৱাৰি পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি সংঘৰ বিষয়াই উল্লেখ কৰে। যোৱা ৩ টা বছৰ মজুৰি বৃদ্ধি নকৰাৰ ফলত শ্ৰমিক ৰাইজৰ দৈনিক পি. এফ. গ্ৰেছ্যুইটি, বনাচ, ছুটি হাজিৰা টকা আদি লোকচান হৈছে তাৰোপৰি যি সকল ইতিমধ্যে পাৰমানেন্ট কামৰ পৰা অব্যাহতি গ্ৰহন কৰিলে তেখেতসকলৰ পি. এফ টকাৰ লগতে গ্ৰেছ্যুইটি টকাৰো লোকচান হৈছে বুলি সুনিল টুটীয়ে কয়।

উল্লেখ্য যে চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি ০১/০১/২০১৮ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত সংঘৰ উদ্যোগত ধাৰাবাহিক ভাৱে ৰূপায়ণ কৰা গণতান্ত্ৰিক আন্দোলনৰ ফলস্বৰুপে চৰকাৰৰ জাননী নং জি.এল.আৰ (আৰ.চি)১৭৮/২০১৪/পিটি/৪০৬ তাং ২৩/০২/২০২১ মৰ্মে চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি অন্তৱৰ্তীকালীন ভাৱে ৫০ টকা বৃদ্ধি কৰি ২২/০২/২০২১ তাৰিখত চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা তৎকালে বলবৎ কৰিবলৈ বাগিচা কতৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰা হয় বুলি অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ গাণণিক গজেন শইকীয়াই সংবাদ মাধ্যমক কয়।

অসম চাহ মজদূৰ সংঘই উক্ত অন্তৱৰ্তিকালীন সাহাৰ্য্য প্ৰতিবাদকল্পে গ্ৰহণ কৰিবলৈ সমূহ শ্ৰমিক ৰাইজক আহ্বান জনায়। কিন্তু চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি ৩৫১.৩৩ টকাৰ দাবীৰ বাবে আন্দোলন কাৰ্যসূচী অব্যাহত থাকিব বুলি সংঘৰ বিষয়া সকলে সংবাদ মাধ্যমক অৱগত কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.