বিশ্বনাত জিলা বিহু সুৰক্ষা সমিতিৰ সংবাদ মেল ::
বিহু সুৰক্ষা সমিতিৰ বিৰুদ্ধে সামাজিক মাধ্যমত এগৰাকী মহিলাই বিৰুপ মন্তব্য কৰাক লৈ জাঙুৰ খাই উঠিছে বিশ্বনাথ জিলা বিহু সুৰক্ষা সমিতি
বিশ্বনাথ চাৰিআলি ১১ এপ্ৰিল ::
বিহু সুৰক্ষা সমিতি অসমৰ বিশ্বনাথ জিলা সমিতিক লৈ এগৰাকী মহিলাই বিৰুপ মন্তব্য কৰাক লৈ জাঙুৰ খাই উঠিছে বিহু সুৰক্ষা সমিতিৰ বিশ্বনাথ জিলা সমিতি।বিশ্বনাথৰ দুই ব্যক্তিৰ উচতনিত এগৰাকী মহিলাই ফেচবুক যোগে কৰিছিল এই বিৰুপ মন্তব্য।যাৰ বাবে বিশ্বনাথ জিলা বিহু সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ বৰুৱাই আজি এক সংবাদ মেলৰ আয়োজন কৰি সাংবাদিকৰ আগত কয় যে এই বিষয় সন্দৰ্ভত বিশ্বনাথ জিলা বিহু সুৰক্ষা সমিতিয়ে এখনি জৰুৰী সভাৰ আয়োজন কৰি সৰ্বসন্মতি ক্ৰমে সমিতিয়ে তেওঁলোকৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিয়ে।
বিহু সুৰক্ষা সমিতিত অসমৰ প্ৰায় ২৬ খন জিলাৰ বহু গন্য মান্য ব্যক্তি,সাংস্কৃতিবান ব্যক্তি,বয়জেষ্ট ব্যক্তি আৰু পিতৃ তুল্য ব্যক্তি আছে।কিন্তু এগৰাকী মহিলাই সংগী বৃন্দৰ লগতে সামাজিক মাধ্যমত কি দৰে মান্যতা দিব লাগে,এই ক্ষেত্ৰত শিল্পী গৰাকীৰ অভাব দেখা পোৱা গল।এই সংবাদ মেল যোগে মহিলা গৰাকীয়ে বিশ্বনাথৰ দুই ব্যক্তিৰ উচতনিত বিষয় বস্তু নজনাকৈয়ে লম্ফ জম্ফ মন্তব্য প্ৰদান কৰি যি পৰিবেশ তৈয়াৰ কৰিলে।তাৰ বাবে বিশ্বনাথৰ ঐতিহ্যত আঘাত হানা বুলিও সংবাদ মেল যোগে অভিযোগ উত্থাপন কৰাৰ লগতে ভবিষ্যৰ দিনত এনে মন্তব্য নকৰিবলৈ সতৰ্ক কৰি দিয়ে।



