31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান

    ১৯৬১ চনত জন্মগ্ৰহণ কৰা বিজ্ঞানী ব্ৰাংক 'ৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ বৰ্তমান ছিতেলৰ ইনষ্টিটিউট ফৰ চিষ্টেমছ বায়'লজীৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে কৰ্মৰত।

    মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দিশত যুগান্তকাৰী আৱিষ্কাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী মেৰী.ই. ব্ৰাংক’ আৰু ফ্ৰেড ৰেমছডেলৰ লগতে জাপানৰ শ্বিমন চাকাগুচিক ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে আমাৰ শৰীৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা সহস্ৰাধিক অণুজীৱৰ পৰা ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে কেনেদৰে আমাক সুৰক্ষিত কৰি ৰাখে সেই দিশত কৰা আৱিস্কাৰৰ বাবে বিজ্ঞানীসকলক নবেল বঁটা প্ৰদান কৰা হৈছে। আজি ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত এটা অনুষ্ঠানত নোবেল কমিটীয়ে তিনিওগৰাকী বিজ্ঞানীকে “টি” কোষ চিনাক্ত কৰাৰ বাবে সন্মানিত কৰে। Nobel Prize 2025: Three scientists share Physiology or Medicine award; honored for discoveries on peripheral immune tolerance - The Times of Indiaএই কোষ হৈছে শৰীৰৰ নিজা কলাবোৰৰ আক্ৰমণক ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাধা দিয়া মূল উপাদান। এই আৱিষ্কাৰৰ ফলত অটোইমিউন ৰোগ কৰ্কট ৰোগ আৰু অংগ সংৰোপনৰ ক্ষেত্ৰতো নতুন চিকিৎসাৰ পথ প্ৰশস্ত হৈছে। বিশ্বজুৰি সমাদৃত তেওঁলোকৰ এই কৰ্মই এতিয়া বিশ্বজুৰি চিকিৎসা সেৱাৰ বিভিন্ন কৌশলসমূহক প্ৰভাৱিত কৰিছে লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় বিভিন্ন সমস্যাটো ৰোগীৰ ফলাফল যথেষ্ট উন্নত হোৱাৰ আশা কৰা হৈছে। উল্লেখযোগ্য যে ১৯৬১ চনত জন্মগ্ৰহণ কৰা বিজ্ঞানী ব্ৰাংক ‘ৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ বৰ্তমান ছিতেলৰ ইনষ্টিটিউট ফৰ চিষ্টেমছ বায়’লজীৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে কৰ্মৰত।একেদৰে ফ্ৰেড ৰেমছডেলৰ জন্ম ১৯৬০ চনত৷ তেওঁ ১৯৮৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়া-লছ এঞ্জেলেছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ বৰ্তমান ছান ফ্রান্সিস্কোৰ চ ‘ন’মা বায় ‘থেৰাপিউটিক্সৰ বৈজ্ঞানিক উপদেষ্টা। ইপিনে ১৯৫১ চনত জন্মগ্ৰহণ কৰা চাকাগুচিয়ে ১৯৭৬ চনত জাপানৰ কিয়োটো বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰাৰ লগতে ১৯৮৩ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। বিজ্ঞানীগৰাকী বৰ্তমান জাপানৰ ওছাকা বিশ্ববিদ্যালয়ৰ ইমিউন’লজী ফ্ৰণ্টিয়াৰ গৱেষণা কেন্দ্ৰৰ জেষ্ঠ্য অধ্যাপক। নোবেল বটাৰ সৈতে তিনিওজন বিজ্ঞানীয়ে ১১ মিলিয়ন চুইডিছ ক্ৰোনাৰ ধনৰাশি লাভ কৰিব।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.