শেহতীয়া আপডেটঃ

IFFI গোৱাত পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ৰ প্ৰিমিয়াৰ

গুৱাহাটী/কোকৰাঝাৰঃ শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ (মাই থ্ৰী চিষ্টাৰ্ছ) প্ৰদৰ্শিত হয়।

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NDFC)ৰ দ্বাৰা প্ৰযোজিত ‘বিবো বিনানাও’ৰ জৰিয়তে উপস্থাপন কৰা হৈছে বড়োলেণ্ডৰ গ্ৰাম্য পৰিৱেশত বাস কৰা চাৰিগৰাকী ভগ্নীৰ হাঁহি-আবেগৰ হৃদয়স্পৰ্শী কাহিনী। চাৰি ভগ্নীৰ মাজৰ কনিষ্ঠ মিজিৰ চৰিত্ৰত অভিনয় কৰিছে পেন্সি ব্ৰহ্মই। কাহিনীত মিজিয়ে তেওঁৰ তিনি জ্যেষ্ঠ ভগ্নীৰ বিভিন্ন সংগ্ৰাম, যেনে- কুকুৰা পালন, পৰিয়ালৰ সদস্যৰ মৃত্যুৰ পিছত হোৱা কৰুণ পৰিস্থিতি, নিৰ্যাতনকাৰী স্বামী, জীৱন বিপন্ন কৰা স্বাস্থ্য সংকট আৰু বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সহায় আগবঢ়ায়। ছবিখনৰ বাকী তিনি ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছে সংগীনা ব্ৰহ্ম, হেলিনা দৈমাৰী আৰু মিথিংগা নাৰ্জাৰীয়ে।

ছবিখনত অভিনয় কৰা কলা-কুশলীসকলৰ সৈতে কাম কৰাৰ অনন্য অভিজ্ঞতাৰ বিষয়ে মন্তব্য কৰি কেনি বসুমতাৰীয়ে কয়, “এই অভিনেত্ৰীসকলৰ সৈতে কাম কৰাটো মোৰ বাবে এক আনন্দদায়ক অভিজ্ঞতা আছিল। তেওঁলোকৰ প্ৰত্যেকেই নিজৰ নিজৰ সংলাপসমূহেৰে প্ৰস্তুত হৈ থাকিছিল, যাৰ বাবে আমি বাধাহীনভাৱে সন্তোষেৰে দীঘলীয়া শ্বট ল’ব পাৰিছিলো আৰু সকলোৱে নিজৰ নিজৰ দৃশ্যত অভিনয়ৰ শ্ৰেষ্ঠত্ব উজাৰি দিছিল। ছবিখনৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আৰু অভিনয়ৰ প্ৰতি নিষ্ঠা মই কল্পনা কৰা ধৰণেই তেওঁলোকৰ মাজত দেখিবলৈ পাইছিলোঁ।”

উল্লেখ্য যে, ‘বিবো বিনানাও’ ছবিখনৰ এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে ‘লোকেল কুংফু ৩’ত ডগ দাৰ চৰিত্ৰত অভিনয় কৰা আৰু বড়ো চলিচ্ছিত্ৰ জগতৰ চিৰ পৰিচিত খলনায়ক ৰুবুল বড়োৱেও।

ইফালে, ‘বিবো বিনানাও’ত প্ৰডাকচন ডিজাইনাৰ হিচাপে কাম কৰা ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক কুলনন্দিনী মহন্ত আৰু এন এফ ডি চিৰ কাৰ্যবাহী প্ৰযোজক এলেক্স লিঅ’ পাউৰ সৈতে আই এফ এফ আইৰ ৰেড কাৰ্পেটত খোজ কাঢ়ে কেনি বসুমতাৰীয়ে। এই চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰমা শাখাত প্ৰদৰ্শিত হোৱা অসমীয়া ছবি ‘স্বৰ্গৰথ’ৰ অংশ হিচাপেও ৰেড কাৰ্পেটত খোজ কঢ়াৰ সুযোগ লাভ কৰে কেনি বসুমতাৰীয়ে।

‘বিবো বিনানাও’ৰ প্ৰথম প্ৰদৰ্শন সন্দৰ্ভত কেনি বসুমতাৰীয়ে কয়, “এখন বড়ো চিনেমা চাবলৈ কোন আহিব সেই কথাটোক লৈো আমি আচলতে কিছু শংকাত ভুগি আছিলো; তাকো মোৰ চিনেমা- মই তেনেকুৱা ফেষ্টিভেল ফেমাছ পৰিচালক নহয়। কিন্তু আমাৰ আনন্দৰ কথা যে প্ৰায় ৭০ গৰাকী দৰ্শকে এই ছবিখন উপভোগ কৰে। যদিও ছবিখন সম্পূৰ্ণ হাস্যৰসধৰ্মী নহয়, তথাপিও হাস্যকৰ মুহূৰ্তবোৰত দৰ্শকৰ পৰা হাঁহিৰ গুঞ্জন শুনি ভাল লাগিছিল। প্ৰদৰ্শনীৰ পিছত বহুতে আমাৰ ওচৰলৈ আহি কৈছে যে তেওঁলোকে চিনেমাখন সঁচাকৈয়ে ভাল পাইছে।”

আগন্তুক ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ (BVFF)ত গুৱাহাটীত ছবিপ্ৰেমীসকলে ‘বিবো বিনানাও’ উপভোগ কৰিব পাৰিব। এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাত অসমত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব এই বড়ো ভাষাৰ ছবিখন। অৱশ্যে ছবিগৃহত ‘বিবো বিনানাও’ৰ মুক্তি সন্দৰ্ভত কোনো পৰিকল্পনা এতিয়ালৈকে কৰা হোৱা নাই। কেনি বসুমতাৰীয়ে কয়, “এন এফ ডি চিয়ে এই ছবিখন অধিক চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰিব বুলি আমি আশাবাদী।”

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.