31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    ব্ৰিটিছ কাউঞ্চিলে মহিলাৰ বাবে আগবঢ়াইছে ষ্টেম স্কলাৰশ্বিপ ২০২৪-২৫

    • ব্ৰিটিছ কাউন্সিল আৰু ব্ৰিটেইনৰ বিশ্ববিদ্যালয়সমূহে সহযোগিতামূলকভাৱে মহিলা স্নাতকক ষ্টেমত গ্লবেল প্ৰমাণপত্ৰ লাভত সহায় কৰে
    • এই স্কলাৰশ্বিপৰ জৰিয়তে ষ্টেম শিক্ষা আৰু কৰ্মশক্তিত লিংগ বৈষম্য দূৰীকৰণ, উদ্ভাৱন আৰু বিশ্বব্যাপী সহযোগিতাৰ পোষকতাৰ লক্ষ্য

    গুৱাহাটীঃ ব্ৰিটেইনৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে অংশীদাৰিত্বৰে শৈক্ষিক সুযোগ আৰু সাংস্কৃতিক সদ্ভাৱনা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্ৰিটিছ কাউন্সিলে ব্ৰিটিছ কাউন্সিল স্কলাৰশ্বিপ ফৰ্‌ ৱমেন ইন ষ্টেম কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই গুৰুত্বপূৰ্ণ আৰু সন্মানীয় বৃত্তিৰ জৰিয়তে ব্ৰিটেইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব বিচৰা মহিলাসকলে ষ্টেমৰ অধীনত সুবৰ্ণ সুযোগ লাভ কৰিব।
    সমাজৰ বৈচিত্ৰ্যতাক প্ৰসাৰিত কৰি বহল পৰিৰিসৰৰ দৃষ্টিভংগী নিশ্চিতকৰণ আৰু উদ্ভাৱনক আগুৱাই নিয়াৰ বাবে ষ্টেম ক্ষেত্ৰসমূহত মহিলাৰ উপস্থিতি অতি প্ৰয়োজনীয়। মহিলাৰ উপস্থিতিয়ে কেৱল লিংগ বৈষম্যক গুৰুত্ব প্ৰদান কৰাই নহয়, কৰ্মশক্তিক অনন্য দক্ষতাৰে সমৃদ্ধ কৰাৰ উপৰি উচিত সুযোগ-সুবিধাৰ জৰিয়তে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত অগ্ৰগতিৰে সমাজখনক আগুৱাই লৈ যোৱাত সহায় কৰিব। ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ গ্লবেল জেণ্ডাৰ গেপ ৰিপৰ্ট ২০২৩ গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্ট ২০২৩ অনুসৰি ভাৰতৰ ষ্টেম কৰ্মশক্তিৰ ২৭% মহিলা। ভাৰতত ষ্টেম স্নাতকসকলৰ প্ৰায় ৪৩% মহিলা বুলি বিবেচনা কৰিলে ই এটা ক্ষুদ্ৰ অংশক প্ৰতিনিধিত্ব কৰে।
    ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশসমূহৰ মহিলাৰ বাবে ষ্টেম স্কলাৰশ্বিপৰ ২৫খন আসন সংৰক্ষিত। এই আসনসমূহ ব্ৰিটেইনৰ পাঁচখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান – লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়, এংলিয়া ৰাস্কিন বিশ্ববিদ্যালয়, গ্ৰীণউইচ বিশ্ববিদ্যালয়, দ্য ইউনিভাৰ্চিটী অৱ চাউথাম্পটন আৰু কভেণ্ট্ৰি বিশ্ববিদ্যালয়ত সংৰক্ষিত কৰা হৈছে। এই বৃত্তিয়ে শিক্ষাৰ্থীক ষ্টেমৰ জৰিয়তে নিজৰ কেৰিয়াৰ আগবঢ়াই নিবলৈ সক্ষম কৰিব আৰু ব্ৰিটেইনৰ ঐতিহ্যমণ্ডিত ষ্টেম ক্ষেত্ৰসমূহৰ অভিজ্ঞতা প্ৰাপ্ত কৰি স্বদেশত গৱেষণা আৰু উদ্ভাৱনক আগুৱাই নিয়াৰ সামৰ্থ্যক সহজ কৰি তুলিব। বৰ্তমান ব্ৰিটেইন গৱেষণাৰ ক্ষেত্ৰখনত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে, ব্ৰিটেইনৰ সকলো প্ৰকাশনৰ ৫৫.২% আন্তঃৰাষ্ট্ৰীয় গৱেষণা সহযোগিতাৰ ফলাফল আজি বিশ্বই দেখিছে।
    এই স্কলাৰশ্বিপৰ জৰিয়তে টিউচন মাচুল, ষ্টাইপেণ্ড, ভ্ৰমণৰ খৰচ, ভিছা, স্বাস্থ্য কভাৰেজ মাচুল আৰু ইংৰাজী ভাষাৰ সমৰ্থন ইত্যাদি আগবঢ়োৱা হ’ব। স্কলাৰসকলে ডাটা চায়েন্স, কম্পিউটাৰ বিজ্ঞান, ফাৰ্মাচিউটিকেল বিজ্ঞান, ইলেক্ট্ৰনিক আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইঞ্জিনিয়াৰিং মেনেজমেণ্ট, চিভিল ইঞ্জিনিয়াৰিং মেনেজমেণ্ট, এচ্যুৱেৰিয়েল চায়েন্স, ইণ্টেলিজেণ্ট হেল্থ কেয়াৰ আদিৰ দৰে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে।
    ব্ৰিটিছ কাউন্সিলৰ এডুকেচন ইণ্ডিয়াৰ সঞ্চালিকা, এমবিই ঋত্বিকা চন্দা পাৰুকে এই বিষয়ে কয় যে, “বিশ্বৰ প্ৰায় আধা জনসংখ্যা মহিলা আৰু পৃথিৱীৰ গৱেষক আৰু উদ্ভাৱকৰ সম্ভাৱ্য মগজুৰ শক্তিৰ আধা অংশক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সন্মুখত থকা বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ বিজ্ঞান আৰু গৱেষণাৰ জৰিয়তেহে সমাধান কৰিব পৰা যায় আৰু আমি এই সমস্যাসমূহ ওলাই কৰিব নোৱাৰো, ইয়াক একাষৰীয়া কৰাৰ বিপৰীতে ইয়াৰ বিৰুদ্ধে মোকাবিলা কৰিব লাগিব। লিংগ সমতা কেৱল এটা সুন্দৰ ধাৰণাই নহয়, ই প্ৰগতিৰ বাবেও অপৰিহাৰ্য। ৱমেন ইন ষ্টেম স্কলাৰশ্বিপৰ জৰিয়তে আমি মহিলাসকলক শিক্ষা গ্ৰহণ আৰু ষ্টেম ক্ষেত্ৰত সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিবলৈ প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্য ৰাখিছোঁ, যাতে পৰিৱৰ্তনশীল ৰূপান্তৰ আগুৱাই নিব পাৰি আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত অধিক অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাব পাৰি।’’
    ২০২০ৰ পৰা এই কাৰ্যসূচীৰ অধীনত ৩০০ৰো অধিক বৃত্তি প্ৰদান কৰা হৈছে। ২০২৩-২৪ চনৰ গোলকীয় দলত ৯২জন শিক্ষাৰ্থীৰ নামভৰ্তি কৰোৱা হয়। এই পৰ্যন্ত ৫২গৰাকী ভাৰতীয় মহিলাই এই বৃত্তি লাভ কৰি ব্ৰিটেইনত এবছৰীয়া স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিছে। এই বৃত্তিৰ জৰিয়তে ব্ৰিটিছ কাউন্সিলে মহিলাৰ বাবে সৃষ্ট পৃথিৱীত সফল হোৱাৰ সুযোগ সৃষ্টিৰ লগতে ষ্টেম ক্ষেত্ৰত গোলকীয় প্ৰমাণপত্ৰ লাভৰ প্ৰতিশ্ৰুতি বাহাল ৰাখিছে।
    এই স্কলাৰশ্বিপৰ লক্ষ্য হৈছে মহিলাসকলক আগুৱাই যাবলৈ আৰু নেতৃত্ব প্ৰদান কৰিব পৰাকৈ যোগ্য কৰি তোলাত সহায় কৰা আৰু ব্ৰিটেইনৰ লগতে আন দেশত নেটৱৰ্কিঙৰ সুযোগ প্ৰদান কৰি ষ্টেম ক্ষেত্ৰত থাকিবলৈ অনুপ্ৰাণিত কৰা। এই বৃত্তিয়ে আনৰ ওপৰত নিৰ্ভৰশীল মহিলাসকলকো আৱেদনৰ বাবে আহ্বান জনোৱা হৈছে, এনে মহিলাসকলক অতিৰিক্ত সহায়- সহযোগিতা আগবঢ়োৱা হ’ব। সাধাৰণতে ২০২৪ৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব যদিও বিশ্ববিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰি আবেদনৰ সময়সীমা ভিন্ন হ’ব বুলি জানিব পৰা গৈছে।
    অংশগ্ৰহণকাৰী ব্ৰিটিছ বিশ্ববিদ্যালয়, উপলব্ধ পাঠ্যক্ৰম আৰু বিশ্ববিদ্যালয়-নিৰ্দিষ্ট সময়সীমাৰ সম্পূৰ্ণ তালিকা আৰু যোগ্যতাসহ অন্যান্য তথ্যৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি চাওকঃ
    https://www.britishcouncil.in/study-uk/scholarships/womeninstem-scholarships

    ব্ৰিটিছ কাউন্সিলৰ বিষয়েঃ
    ব্ৰিটিছ কাউন্সিল হৈছে ব্ৰিটেইনৰ সাংস্কৃতিক সম্পৰ্ক আৰু শৈক্ষিক সুযোগ সৃষ্টি কৰা এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। আমি ব্ৰিটেইন আৰু বিশ্বৰ বিভিন্ন দেশৰ মাজত যোগাযোগ, বুজাবুজি আৰু আস্থা গঢ়ি তুলি শান্তি আৰু সমৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। আমি কলা আৰু সংস্কৃতি, শিক্ষা আৰু ইংৰাজী ভাষাৰ সৈতে জড়িত বিভিন্ন কামৰ সৈতেও জড়িত। আমি ২০০ খনতকৈও অধিক দেশ আৰু অঞ্চলৰ মানুহৰ সৈতে কাম কৰি আছোঁ আৰু ১০০ খনতকৈও অধিক দেশৰ সৈতে আমি পোনপটীয়াভাৱে জড়িত। ২০২২–২৩ চনত আমি ৬০০ মিলিয়ন লোকৰ কাষ চাপিবলৈ সক্ষম হৈছিলোঁ।
    www.britishcouncil.in

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds