Boat accident Assam:নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে September 8, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🌎 অসমঃ 0 নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে। যোৰহাট মেডিকেল কলেজত প্ৰাণ হেৰুৱালে পৰিমিতাই। কৰ্মসূত্ৰে মাজুলীত থকা পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত। উল্লেখ্য যে,দুৰ্ঘটনা ঘটিছিল মাৰনাও ‘টিপকাই’ আৰু ‘মা কমলা’ ফেৰীৰ মাজত। বিয়লি ৪ বজাত নিমাতীঘাটৰ পৰা মাজুলী অভিমুখে গৈ থকা ‘মা কমলা’ আৰু মাজুলীৰ পৰা নিমাতীঘাট অভিমুখে গৈ থকা ‘টিপকাই’ৰ মাজত মুখামুখী সংঘৰ্ষ হৈছিল। উল্লেখ্য যে, দুৰ্ঘটনাটোৰ সময়ত নাও দুখনত কিমান যাত্ৰী আছিল তাৰ তথ্য এতিয়াও সঠিক ভাবে লাভ কৰা নাই। ইফালে নিমাতীঘাটৰ কাণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘটনাস্থলীলৈ তৎকালে মন্ত্ৰী বিমল বৰাক যাবলৈ নিৰ্দেশ দিয়া হৈছে।
Leave a Reply