শেহতীয়া আপডেটঃ

বৰগাং নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী অৰ্পনা শইকীয়া দাসৰ বিদায়

বৰগাং নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী অৰ্পনা শইকীয়া দাসৰ বিদায়

অসম খবৰ বিহালী ১ এপ্ৰিল

চৰকাৰী বিধি অনুসৰি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰগাং নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অৰ্পনা শইকীয়া দাসৰ বিদায় সম্বৰ্ধনা সভাখন যোৱা ইংৰাজী ৩১ মাৰ্চ,২০২৬ তাৰিখে বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়।বিদ্যালয় খনৰ শিক্ষক গোট আৰু পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক,বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপদেষ্টা ৰঘু ৰাজুৱাৰে।প্ৰধান শিক্ষয়িত্ৰী বিজুলী দেৱীয়ে আঁত ধৰা সভাখনত অতিথি হিচাপে উপস্থিত থাকে প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য দেৱনাথ মিলি,বৰগাং প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভাপতি থানেশ্বৰী কুৰ্মী গঞ্জু,বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ন্যাস সম্পাদক লক্ষেশ্বৰ ওৰাং আৰু ছেৰেলীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত দাস।সভাত প্ৰধান শিক্ষয়িত্ৰী বিজুলী দেৱী, সহ শিক্ষয়িত্ৰী জ্ঞানশ্ৰী হাজৰিকা আৰু কবিতা কুমাৰীয়ে সতীৰ্থ জ্যেষ্ঠ শিক্ষয়িত্ৰী অৰ্পনা শইকীয়া দাসৰ সান্নিধ্য সম্পৰ্কে বক্তব্য ৰাখি আৱেগিক হোৱা পৰিলক্ষিত হয় আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী গৰাকীৰ পৰা যথেষ্ট শিকিব লগীয়া আছে বুলি মতপোষন কৰে।সভাপতি ৰঘু ৰাজোৱাৰ অতিথি দেৱনাথ মিলি, থানেশ্বৰী কুৰ্মী গঞ্জু, লক্ষেশ্বৰ ওৰাঙ,দিগন্ত দাসে বক্তব্য ৰাখি শিক্ষয়িত্ৰী অৰ্পনা শইকীয়া দাস এগৰাকী কৃতি শিক্ষক হোৱাৰ লগতে এগৰাকী আদৰ্শ মহিলা, সফল মাতৃ বুলি অভিহিত কৰে।২০০১ চনৰ পৰা বিনা বেতনে শিক্ষকতা আৰু ২০১৩ চনৰ পৰা চৰকাৰী শিক্ষক হিচাপে সেৱা আগবঢ়োৱা শিক্ষয়িত্ৰী গৰাকীৰ প্ৰত্যাহ্বানৰ মাজতো যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত এগৰাকী কৃতি শিক্ষক,কবি,সফল মাতৃ হিচাপে বিহালীত পৰিচয় দিবলৈ সক্ষম হোৱাত প্ৰশংসা কৰাৰ লগতে অনাগত দিনতো বিহালীৰ সাহিত্য,নাৰী সমাজৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়।সভাত বিদ্যালয় খনৰ শিক্ষক গোট,পৰিচালনা সমিতি,মাতৃ গোট,ছাত্র-ছাত্ৰী সকলে বিদায়ী শিক্ষয়িত্ৰী অৰ্পনা শইকীয়া দাসক ফুলাম গামোচা,শৰাই,ধৰ্মপুথি আদিৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।সভাখনত এক আৱেগিক পৰিৱেশত বক্তব্য ৰাখি অৰ্পনা শইকীয়া দাসে নিজৰ শিক্ষকতা জীৱনৰ ঘাট-প্ৰতিঘাট, শিক্ষাৰ্থী-অভিভাৱক ৰাইজৰ পৰা পোৱা মৰম-আদৰ,সতীৰ্থ শিক্ষক আৰু শিক্ষক সন্মিলনীৰ পৰা পোৱা সমৰ্থনক শ্ৰদ্ধা সহকৰ্মী সোঁৱৰণ কৰাৰ লগতে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।সভাত উপস্থিত থকা স্বামী উপেন দাসৰ পৰা পোৱা সহায় আৰু সমৰ্থনকো তেওঁ ৰাজহুৱাকৈ শলাগ লয়।সভাখনত বৰগাং নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ক্ৰমে ৰূপক গগৈ, মনিকা ভূঞা আৰু ৰূপানিকা হাজৰিকাই ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পত্ৰিকা সম্পাদকৰ দায়িত্বত থাকি শিক্ষক সংগঠনটিকো সেৱা আগবঢ়াবলৈ অহোপুৰুষাৰ্থ কৰা শিক্ষয়িত্ৰী গৰাকীৰ অৱসৰকালীন জীৱনলৈ বৰগাং প্ৰাথমিক শিক্ষক কেন্দ্ৰ আৰু বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনে শুভেচ্ছা জ্ঞাপন কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.