সীতাৰাম প্ৰাথমিক বিদ্যালয় খেলপথাৰত সমাজ কল্যাণ বিভাগৰ উদ্যোগত “আন্তৰ্জাতিক নাৰী দিৱস”
সমগ্ৰ দেশৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰতো সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি আন্তর্জাতিক নাৰী দিৱস উদ্ যাপন কৰা হয়।এই উপলক্ষে আজি ৰাতিপুৱা ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত স্থানীয় সীতাৰাম প্ৰাথমিক বিদ্যালয় খেল পথাৰত “এক সুস্থিৰ ভৱিষ্যতৰ বাবে আজিয়েই লিঙ্গ সমানতা আনো” বিষয়ৰ ওপৰত মহিলা আৰু শিশুসকলৰ বাবে এখন “বিশেষ গাঁও সভা” অনুষ্ঠিত কৰা হয়। সমাজসেৱিকা মঞ্জু দেৱীয়ে সভাপতিত্ব কৰা সভাখনৰ আঁতধৰে প্ৰকল্প টোৰ কৰ্মচাৰী চোহৰাব আলীয়ে। সভাখনত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া ৰঞ্জনা দেউৰীয়ে উপস্থিত থাকি আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে নাৰীৰ মৰ্যাদা, সন্মান আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাইজক আহ্বান জনায়।অনুষ্ঠানত অংগনবাড়ী কৰ্মী ইলামণি কলিতাৰ নেতৃত্বত এটা দলে এখন বাটৰ নাট প্ৰদৰ্শন কৰে।এই নাটখনৰ জৰিয়তে সমাজৰ একাংশ পৰিয়ালত শাহু-বোৱাৰীৰ ভুল বুজাবুজিৰ বাবে পৰিয়ালসমুহত যে অশান্তিৰ সৃষ্টি হয় সেই বিষয়ে উপস্থাপন কৰিবলৈ সৃষ্টি কৰে। উক্ত অনুষ্ঠানত থাকে বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ মূখ্যসেৱিকা ক্ৰমে বিনীতা দেৱী, ৰেণু কলিতা, মালতী হালৈ, বীণা মহন্ত, ভানু দেৱী আৰু পোষণ অভিযানৰ খণ্ড প্ৰকল্প সহায়ক তপন কুমাৰ ভট্টাচার্য, কনিষ্ঠ সহায়ক দীপক চৌধুৰীৰ লগতে প্ৰকল্পটোৰ অধীনৰ প্ৰায় দুশতাধিক অঙ্গনৱাদী কৰ্মী -সহায়িকা আৰু অঞ্চলটোৰ ভালেসংখ্যক মহিলা উপস্হিত থাকে।উক্ত সভাতে অংগনবাড়ী কৰ্মীসকলে সংকল্প গ্ৰহণ অনুষ্ঠানো ৰূপায়ন কৰে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ
Leave a Reply