ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group)ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী,২১ ফেব্ৰুৱাৰী:
ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ২০ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৭ বজাত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠত হয় ।
WhatsApp গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ
যান্ত্ৰিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । কৰ্মশালাখনত ড০ বুলজিৎ বুঢ়াগোহাঁইয়ে কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় । তেওঁ কৰ্মশালাখনত অংশগ্রহকাৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।
ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ বিষয়ে জানিবৰ বাবে আগ্রহীসকলে ই-মেইল developmentdigitally@gmail.comত যোগাযোগ কৰিব পাৰে। কৰ্মশালাখনত
ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ সদস্য সমীৰণ ৰাজ বড়োয়ে শলাগৰ শৰাই আগবঢ়ায়।
Leave a Reply