বিশ্বনাথ মহাবিদ্যালয়ৰ আলোচনা গৃহৰ পৰা গুজৰাটৰ বিজ্ঞান কেন্দ্ৰত অনলাইন ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিশু বিজ্ঞানীৰ অংশগ্ৰহণ।

বিশ্বনাথ মহাবিদ্যালয়ৰ আলোচনা গৃহৰ পৰা গুজৰাটৰ বিজ্ঞান কেন্দ্ৰত অনলাইন ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিশু বিজ্ঞানীৰ অংশগ্ৰহণ।

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৮ ফেব্ৰুৱাৰী ঃ গুজৰাটৰ বিজ্ঞান কেন্দ্ৰত ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হোৱা ২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অনলাইন মাধ্যমৰ সহায়ত বিশ্বনাথ মহাবিদ্যালয়ৰ আলোচনা গৃহৰ পৰা শিশুবিজ্ঞানী ৰক্তোতপল হাজৰিকা, আৰু হিৰকজ্যোতি বৰাই অংশগ্ৰহণ কৰে। জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জানিবলৈ দিয়া মতে ভাৰতৰ ২৯খন ৰাজ্যৰ পৰা ৬১৮টা প্ৰকল্প অনলাইন মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰে।

অসমৰ পৰা ২৬ টা প্ৰকল্পই ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিছিল। ২৬ টা প্ৰকল্পৰ ভিতৰত বিশ্বনাথ জিলাৰ পৰা নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গায়ত্ৰী বৰাৰ তত্ত্বাৱধানত হিৰকজ্যোতি বৰা আৰু পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কমল বৰাৰ তত্ত্বাৱধানত ৰক্তোতপল বৰাৰ প্ৰকল্পই অংশগ্ৰহণ কৰে। শৈক্ষিক সমন্বয়ক ড০ দেৱাশিষ শৰ্মাই পৰিচালনা কৰা অনলাইন প্ৰকল্প উপস্থাপন কাৰ্যসূচীত কাৰিকৰী সহায় আগবঢ়াই প্ৰাক্তন শিশু বিজ্ঞানী অংশুমান হাজৰিকাই। উক্ত কাৰিকৰী সত্ৰত সহকাৰী শৈক্ষিক সমন্বয়ক ড০ ললিত বৰুৱা আৰু গণিতৰ শিক্ষয়িত্ৰী লক্ষী দত্ত হাজৰিকা উপস্থিত থাকে।

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Be the first to comment

Leave a Reply

Your email address will not be published.


*