বিহালী বৰগাংত আৰু বাঘমৰী খণ্ড উন্নয়ন কাৰ্যালয়ত
প্রতিবাদী কাৰ্যসূচী ঠিকাভিত্তিক কৰ্মচাৰী :
বিশ্বনাথ চাৰিআলি ১ ফেব্ৰুৱাৰী :
সমগ্র ৰাজ্যৰ লগতে বিহালী সমষ্টিটোৰ দুটা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰী সকলে আজি পৰা কৰ্মবিৰতি ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
উল্লেখযোগ্য যে যোৱা ২৯ জানুৱাৰীৰ শনিবাৰে অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সভাকক্ষত বিভাগীয় উৰ্দ্ধতম কর্তৃপক্ষ আৰু পঞ্চায়ত ও গ্রামােন্নয়ণ
বিভাগৰ ঠিকাভিত্তিক কর্মচাৰী পৰিষদৰ মাজত পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ সভাপতিত্বত এখনি আলােচনা সভা অনুষ্ঠিত হৈছিল।
কিন্তু এই আলােচনা সভাত
পঞ্চায়ত ও গ্রামােন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কর্মচাৰী পৰিষদে জনোৱা দাবী সমূহ আজি পৰ্যন্তে কাৰ্যকৰী নকৰাত
মঙ্গলবাৰৰ পৰা কর্মবিৰতি আৰু অৱস্থান ধর্মঘটৰ দৰে গণতান্ত্রিক প্ৰতিবাদী
কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক হুংকাৰ প্ৰদান কৰা দেখা গ’ল। ৰাজ্যৰ আন আন জিলা লগতে বিশ্বনাথ জিলাৰ বিহালী খণ্ড উন্নয়ন
বিষয়া কাৰ্যালয় আৰু বাঘমাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় অন্তৰ্গত পঞ্চায়ত ও গ্রামােন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ইফালে প্ৰতিবাদী কাৰ্যসূচী পিছতে খণ্ড উন্নয়ন বিষয়া জৰিয়তে
অসম চৰকাৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তলৈ
একোখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰী সকলে।
Leave a Reply