ঘগ্ৰাপাৰৰ -বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত ১০২ টা বুথত মনকীবাত অনুষ্ঠান

ঘগ্ৰাপাৰৰ -বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত ১০২ টা বুথত মনকীবাত অনুষ্ঠান

সমগ্ৰ দেশৰ লগতে নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ “বড়িগোগ বনভাগ মণ্ডল” সমিতিৰ উদ‍্যোগত আজি ১০২ বুথত একেদিনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ_মোডী “মন কী বাত” অনুষ্ঠান ব‍্যাপক ভাবে অনুষ্ঠিত কৰা হয়।ইফালে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই গৃহ বুথ পৈছৰাত অংশগ্ৰহণ সংবাদ মাধ্যমৰ আগত কয় যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” ভাষণৰ সময়ত এশিঁঙীয়া গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত অসমীয়া ৰাইজৰ লগতে অসম চৰকাৰৰ দৃঢ় প্ৰচেষ্টাৰ কথা উল্লেখ কৰাটো সমুহ অসমবাসীৰ লগতে চৰকাৰখনৰ বাবে এক বৃহৎ অনুপ্ৰেৰণা বুলি মন্তব্য কৰে।লগতে নেতা গৰাকীয়ে ২০২২ বৰ্ষ ৰ প্ৰথমটো মন কী বাত অনুষ্ঠানত আজি প্ৰতিটো বুথত কাৰ্যকৰ্তা তথা শুভকাংক্ষীৰ উৎসাহ উদ্দীপনাই আৰু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত শুনাৰ হাবিয়াসে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাসৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা বুলি সদৰী কৰে।

ইফালে আজিৰ উক্ত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলা বাবে মণ্ডলটোৰ সমূহ পঞ্চায়ত প্ৰভাৰী, শক্তিকেন্দ্ৰৰ আহ্বায়ক, বুথ সভাপতি সকলৰ লগতে “মন কী বাত”ৰ আহ্বায়ক মণ্ডলীয়ে বিশেষ তৎপৰতা বহন কৰা পৰিলক্ষিত হয়।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*