মায়ঙৰ হাতীউঠাত প্ৰথম বাৰ্ষিক কাৰ্বি সাংস্কৃতিক সমাৰোহ
প্ৰতিবেদক, মায়ং,১৭জানুৱাৰী: শিল্পী দিৱসৰ লগত সংগতি ৰাখি মায়ঙৰ হাতীউঠা ভূপেন হাজৰিকা ৰঙ্গ মঞ্চত আয়োজন কৰা হৈছিল সদৌ মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভা।উক্ত সভাত উপস্থিত থাকে সদৌ অসম কাৰ্বি জনজাতিৰ কেন্দ্রীয় সভাপতি চন্দ্ৰ সিং ক্ৰো।
লগতে উপস্থিত থাকে মৰিগাঁও জিলাৰ কাৰ্বি সংগঠনৰ নেত্ৰীবৃন্দয়ে।উক্ত সমাৰোহত তিনি দিনীয়া অনুষ্ঠিত হ’বলগীয়া আছিল কিন্তু কভিড নীতিৰ বাবে এদিনীয়া কাৰ্য্যসূচীৰে কাৰ্বি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰে। কাৰ্বি সাংস্কৃতিক সমাৰোহ উপস্থিত থাকে কেইবা হাজাৰ স্থানীয় ৰাইজ ।কাৰ্বি সাংস্কৃতিক সমাৰোহ অনুষ্ঠানত প্রথমে জাতীয় পতাকা উত্তোলন কৰে।তাৰ পিছত পৰিবেশন কৰা হয় জাতীয় সাজ পৰিধান কৰি বিভিন্ন ধৰণৰ বাৰেবৰনীয়া সাংস্কৃতিক নৃত্য কৰে।কাৰ্বি জনজাতি হৈছে অসমৰ এক অবিচ্ছেদ্য অংশ।কাৰ্বি জাতি কৃষ্টি সংস্কৃতি যাতে চিৰ দিনে অটুত থাকে তাৰে কামনা কৰে সংগঠনটোৱে। কাৰ্বি জাতিটোৰ উন্নয়নৰ হকে ভবিষ্যতে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে কেন্দ্রীয় সভাপতি গৰাকীয়ে। মৰিগাঁও জিলাত কাৰ্বি সাংস্কৃতিক দিশ দিনক দিনে পিছ পৰিৱ ধৰিছে কিছু কিছু ক্ষেত্ৰত কাৰ্বি লোকে ৰংহাং,তিমুং বাদ দি দেউৰী আদি উপাধি ল’ৱ লৈছে।যাৰ বাবে কাৰ্বি সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত আগবাঢ়িবলৈ কাৰ্বি সাংস্কৃতিক সমাৰোহ এক সিদ্ধান্ত লয়।
Leave a Reply