শোণিতপুৰত বাঘৰ আক্ৰমণত আৰ্হিত গঞা
তেজপুৰ 12 জানুৱাৰী :
বৰছলা সমষ্টিৰ নিজ বৰছলা পথাৰত বাঘৰ আক্ৰমণত প্ৰেম কোচ নামৰ এজন লোক আহত ৷
তথ্য অনুসৰি ,পথাৰত অৱস্হান কৰি থকা বাঘটোক প্ৰত্যক্ষ কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা ৷
আজি পুৱা বাঘটোৱে বৰছলাৰ নাথ গাৱঁৰ শিৱৰাম নাথৰ ঘৰৰ ছাগলী গৰালৰ পৰা এটা খাহী ছাগলী নিধন কৰি ভক্ষণ কৰিবলৈ লৈ গৈছিল ৷
বিগত পোন্ধৰ দিন ধৰি গ্হস্হৰ এটাৰ পিছত আনটো পোহনীয়া জীৱ জন্তু হত্যা কৰি সন্ত্ৰাস স্ষ্টি কৰি আহিছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ঢেকীয়াপতীয়া বাঘটোৱে ৷
ঘটনাস্থলীত উপস্থিত হৈছে বনবিভাগৰ লোক ৷
বাঘে আক্ৰমণ কৰা গুৰুত্বৰ ভাৱে আহত কৰা প্ৰেম কোচ নামৰ ব্যক্তি গৰাকীক ঢেকীয়াজুলি মনবৰ নাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷