♦নলবাৰী : নলবাৰীৰ নালন্দা একাডেমীত ২৭ জানুৱাৰীত কবি মানসজ্যোতি শৰ্মাৰদ্বাৰা অনূদিত আৰু সংকলিত ‘মধ্যপ্ৰাচ্যৰ প্ৰেমৰ কবিতা’ নামৰ এখনি কাব্যগ্ৰন্থৰ শুভ উন্মোচন কৰা হয় ।
গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্য সমালোচক বিপুল শৰ্মাই কবি তথা অনুবাদক গৰাকীৰ প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰি কয় যে মধ্যপ্ৰাচ্যৰ কাব্য ইতিহাস চহকী আৰু সেই অঞ্চলৰ সাহিত্যই ধৰ্মীয় সংকীৰ্ণতা নেওচি বিশ্ব দৰবাৰত স্থান লভিছে ।
কবি নৱজ্যোতি পাঠকে আঁত ধৰা এই উন্মোচনী সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, বিশিষ্ট সাহিত্যিক পংকজ গোবিন্দ মেধি, কবি জিতেন্দ্ৰ কুমাৰ জৈন, কবি ডাঃ প্ৰণৱ চক্ৰৱৰ্তী, কবি বিপুল কুমাৰ দত্তই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত মানসজ্যোতি শৰ্মাৰ অনুবাদ কৰ্মৰ উচ্চ প্ৰশংসা কৰি উত্তৰোত্তৰ উন্নতি কামনা কৰে আৰু কবি–অনুবাদকগৰাকীৰ এনে কৰ্ম ভৱিষ্যতলৈও আশা কৰে ।
উল্লেখযোগ্য যে বুহুম প্ৰকাশৰদ্বাৰা প্ৰকাশিত এই অনুবাদ গ্ৰন্থখনৰ উন্মোচনী সভাত কমল কুমাৰ জৈন, হীৰেন্দ্ৰ কুমাৰ শৰ্মা, দীপ শালৈ, শংকৰ শৰ্মা, আবেদুৰ ৰহমান, অজিত ৰাজবংশী, জয় চন্দ্ৰ শৰ্মা, দীপালিমা দত্ত, কমল চন্দ্ৰ দাস প্ৰমুখ্যে কেবাগৰাকী গুণী জ্ঞানী লোক উপস্থিত থাকে ।
Leave a Reply Cancel reply